NORTHEAST NOW (Assamese)
Popular Stories

কেনেদৰে জন্ম হৈছিল মহিষাসুৰৰ? কিয় হত্যা কৰিছিল দুৰ্গা দেৱীয়ে?

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী October 13, 2024 4:30 pm

হিন্দু জনশ্ৰুতি মতে, মহিষাসুৰ আছিল অপৰিসীম শক্তিৰ গৰাকী।  “মহিষ” আৰু “অসুৰ” নামৰ দুটা সংস্কৃত শব্দৰ পৰা মহিষাসুৰ শব্দটোৰ সৃষ্টি হৈছে। ‘মহিষ’ৰ অৰ্থ হৈছে ম’হ আৰু ‘অসুৰ’ মানে হৈছে দৈত্য।

ভাগৱত পুৰাণৰ মতে ৰম্ভা নামৰ এজন অসুৰ আছিল। এটা শক্তিশালী আৰু মহাপ্ৰতাপী সন্তান লাভৰ বাবে তপস্যা কৰিছিল ৰম্ভাই। তপস্যাত সন্তুষ্ট হৈ ৰম্ভাক এক প্ৰবল প্ৰতাপী সন্তান লাভৰ বৰ দিছিল সৃষ্টিকৰ্তা ব্ৰহ্মাই। স্বৰ্গ, মৰ্ত্য আৰু পাতাল এই তিনি লোক অধিকাৰ কৰিব পৰাকৈ শক্তিশালী সন্তান লাভৰ বৰ দিছিল ব্ৰহ্মাই। যাৰ বাবে কোনো দেৱতাই হত্যা কৰিব পৰা নাছিল ৰম্ভাৰ পুত্ৰক। স্বৰ্গ অধিকাৰ কৰি লৈছিল ৰম্ভাৰ পুত্ৰই।

বৰ লাভৰ পিছত এজনী মাইকী ম’হৰ লগত সংগম কৰিছিল ৰম্ভাই। ম’হজনীক পত্নীৰূপে বৰণ কৰিছিল ৰম্ভাই। পুৰাণত উল্লেখ থকা মতে পূৰ্বজন্মত স্বৰ্গৰ অপেশ্বৰী আছিল উক্ত ম’হজনী। অভিশাপৰ ফলত পৃথিৱীত ম’হৰূপে জন্ম লৈছিল ম’হজনীয়ে। এদিন ম’হজনীৰ লগত ৰম্ভাই সংগম কৰি থকাৰ সময়ত আন এটা মতা ম’হ আহি ৰম্ভাক আক্ৰমণ কৰে। ম’হটোৰ আক্ৰমণত ৰম্ভাৰ মৃত্যু হয়। ৰম্ভাৰ মৃত্যুত পত্নীৰূপী ম’হজনী শোকত ভাগি পৰিছিল আৰু ৰম্ভাৰ চিতাত নিজকে জাহ দিছিল।

ম’হজনীয়ে চিতাত নিজকে জাহ দিয়াৰ সময়তে ম’হজনীৰ পেটৰ পৰা এটা পুত্ৰ সন্তান চিটিকি ওলাই আহে। ম’হৰ পেটৰ পৰা জন্ম হোৱাৰ বাবে মহিষাসুৰ নাম লাভ কৰে ৰম্ভাৰ পুত্ৰই। ভূমিস্থ হৈয়েই মহিষাসুৰে হঠাতে স্বৰ্গ ৰাজ্যত আক্ৰমণ কৰি ইন্দ্ৰক পৰাস্ত কৰাৰ লগতে আন দেৱতাসকলকো পলায়ন কৰিবলৈ বাধ্য কৰিলে।

এই ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হৈ দেৱতাসকলে ব্ৰহ্মা, বিষ্ণু আৰু শিৱৰ ওচৰলৈ গৈ সহায় ভিক্ষা কৰে।

উল্লেখ্য যে ব্ৰহ্মাৰ পৰা কোনো দেৱতা বা মানুহে হত্যা কৰিব নোৱাৰাৰ বৰ লাভ কৰিছিল মহিষাসুৰে। যাৰ বাবে বাৰে বাৰে চেষ্টা কৰিও দেৱতাসকলে মহিষাসুৰৰ ওচৰত একাধিকবাৰ পৰাস্ত হয়। কিন্তু বৰ দিয়াৰ সময়ত মহিষাসুৰক ব্ৰহ্মাই কৈছিল যে মহিষাসুৰক একমাত্ৰ নাৰীয়েহে হত্যা কৰিব পাৰিব। কিন্তু মহিষাসুৰে নাৰী দুৰ্বল বুলি ভাবি লয়। মহিষাসুৰে ভাবিলে ইমান শক্তিশালী দৈত্য, যাৰ বীৰ দেৱতায়ো হত্যা কৰিব নোৱাৰে সেই মহিষাসুৰক নাৰীয়ে পৰাস্ত কৰাতো সম্ভৱ নহয়। সেয়ে নিজকে অজেয়, অদ্বিতীয় আৰু অমৰ বুলি ভাবি লৈছিল মহিষাসুৰে।

তেনে পৰিস্থিতিত সকলো দেৱতা লগ হৈ নিজৰ সমস্ত শক্তি আৰু আৰ্শীবাদ একত্ৰিত কৰি দুৰ্গা নামৰ এগৰাকী দেৱীৰ সৃষ্টি কৰে। ইয়াৰ পিছত বিভিন্ন অস্ত্ৰৰে সজ্জিত কৰি এটা সিংহত উঠাই দুৰ্গাক মহিষাসুৰৰ লগত যুদ্ধ কৰিবলৈ পঠিয়াই দিয়া হয়।

দুৰ্গাদেৱীৰ লগত মহিষাসু্ৰৰ ন দিন-ন ৰাতি যুদ্ধ চলে। অৱশেষত দুৰ্গাই মহিষাসুৰক বধ কৰিবলৈ সক্ষম হয়।

আনহাতে, দক্ষিণ ভাৰতৰ পুৰাকথা অনুসৰি চামুণ্ডেশ্বৰী নামেৰে পৰিচিত এগৰাকী দেৱীয়ে মাইচুৰৰ সমীপৰ চামুণ্ডি পাহাৰৰ ওপৰত মহিষাসুৰক পৰাস্ত কৰি হত্যা কৰে। এই কিংবদন্তি যুদ্ধখন সংঘটিত হোৱা ঠাইখন চামুণ্ডেশ্বৰী মন্দিৰ হিচাপে নিৰ্মাণ কৰা হয়।