NORTHEAST NOW (Assamese)
অসম

পুনৰ ক’ৰ’ণাতংক! : মহাৰাষ্ট্ৰৰ পিছত আন এখন ৰাজ্যত নৈশ সান্ধ্য আইন বলৱৎ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 23, 2020 2:35 pm
index

ব্ৰিটেইনত ক’ৰ’ণা ভাইৰাছৰ নতুন ৰূপে সংক্ৰমণ আৰম্ভ হোৱাৰ লগে লগে ভাৰততো ইতিমধ্যে সতৰ্কতা অৱলম্বন কৰা হৈছে।

ইতিমধ্যে ব্ৰিটেইন আৰু ভাৰতৰ মাজৰ আন্তৰ্জাতিক বিমান সেৱা বন্ধ  কৰা হ’ব বুলি কেন্দ্ৰ চৰকাৰে ঘোষণা কৰাৰ সময়তে কলকতা বিমান বন্দৰত তিনিজন ক’ৰ’ণাক্ৰান্ত বিমান যাত্ৰীক চিনাক্ত কৰা হৈছে।

মংগলবাৰলৈকে নতুন ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত ২২ লোকক দেশত চিনাক্ত কৰা হৈছে।

ইয়াৰ পিছতে ভাৰততো নতুন ক’ৰ’ণা ভাইৰাছক প্ৰতিৰোধৰ বাবে কিছুমান ৰাজ্যই সতৰ্কতা অৱলম্বন কৰিছে।

ইতিমধ্যে মহাৰাষ্ট্ৰই ৰাজ্যখনত নৈশ সান্ধ্য আইন বলৱৎ কৰাৰ পিছত কৰ্ণাটকেও আজিৰ পৰা ৰাজ্যখনত নৈশ সান্ধ্য আইন বলৱৎ কৰিছে।

বুধবাৰে ৰাজ্য চৰকাৰে ঘোষণা কৰিছে যে ৰাতি ১০ বজাৰ পৰা পুৱা ৬ বজালৈ অহা ২ জানুৱাৰীলৈকে ৰাজ্যখনত নৈশ সান্ধ্য আইন বলৱৎ কৰা হ’ব।

“ইউ কেত ক’ৰ’ণা নতুন ৰূপৰ ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ ৰাজ্যত নৈশ সান্ধ্য আইন বলৱৎ কৰা হৈছে। ৰাজ্যত উপস্থিত হোৱা আন্তৰ্জাতিক বিমান যাত্ৰীসকলক নিৰীক্ষণ কৰাও হৈছে।” কৰ্ণাটকৰ স্বাস্থ্য মন্ত্ৰী ডাঃ কে সুধাকৰে সংবাদ মাধ্যমৰ আগত কয়।