NORTHEAST NOW (Assamese)
Popular Stories

এন আৰ চি খচৰাত নাম নাই নেপালী সাহিত্য সভাৰ সভাপতিৰ; ঘুৰাই দিব সাহিত্য অকাডেমী বঁটা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 8, 2019 11:40 am

এন আৰ চিৰ খচৰা তালিকাত নাম অহা নাই অসম নেপালী সাহিত্য সভাৰ সভাপতি তথা সাহিত্য অকাডেমী বঁটা প্ৰাপক দুৰ্গাপ্ৰসাদ খাতিওড়াৰ।

যদিহে ৩১ আগষ্টত প্ৰকাশ পাবলগীয়া এন আৰ চিৰ চূড়ান্ত তালিকাত তেওঁৰ নাম অন্তৰ্ভূক্ত নহয় তেতিয়া সাহিত্য অকাডেমী বঁটা ঘুৰাই দিব বুলি বুধবাৰে সংবাদ মাধ্যমৰ আগত খাতিওড়াই প্ৰকাশ কৰিছে।

কালি সংবাদ মাধ্যমক তেওঁ জনোৱা মতে শেহতীয়াভাৱে এন আৰ চি কৰ্তৃপক্ষই বাদ পৰা লোকৰ নাম সন্নিবিষ্ট কৰি যি অতিৰিক্ত খচৰা প্ৰকাশ কৰিছিল তাত তেওঁ নাম উল্লেখ আছে।

উল্লেখযোগ্য যে নেপালী সাহিত্য সভাৰ সভাপতি খাতিওড়াৰ নামত ১৯৯৮ চনত সীমান্ত আৰক্ষীয়ে ‘ডি’ ভোটাৰৰ জাননী জাৰি কৰিছিল। অৱশ্যে পিছত বিষয়টোক লৈ শুনানিৰ অন্তত বিদেশী ন্যায়াধিকৰণে তেওঁৰ সপক্ষে ৰায় দিয়াত এন আৰ চি কৰ্তৃপক্ষই তেওঁৰ নাম সম্পূৰ্ণ খচৰাত সন্নিৱিষ্ট কৰিছিল।

কিন্তু ইয়াৰ পিছতো শেহতীয়াভাৱে প্ৰকাশ পোৱা বাদ পৰা লোকৰ অতিৰিক্ত খচৰাত তেওঁ নাম অন্তৰ্ভুক্ত হৈ থকাত ক্ষুণ্ণ হৈ পৰা খাতিওড়াই যদিহে চূড়ান্ত তালিকাত তেওঁৰ নাম অন্তৰ্ভুক্ত নহয় তেন্তে ৩১ আগষ্টত সাহিত্য অকাডেমী বঁটা ঘুৰাই দিব বুলি কয়।