NORTHEAST NOW (Assamese)

ডাবুৰ ইণ্ডিয়াৰ বিৰুদ্ধে গোচৰৰ পাহাৰ : ডাবুৰৰ প্ৰডাক্টে সৃষ্টি কৰিছে কেঞ্চাৰ ৰোগ

October 23, 2023 4:50 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: October 23, 2023 3:52 pm

আমেৰিকাত গোচৰৰ পাহাৰ উঠিছে ভাৰতৰ আয়ুৰ্বেদিক সামগ্ৰীৰ কোম্পানী ডাবুৰৰ বিৰুদ্ধে। কোম্পানীটোৰ কৰ্তৃপক্ষই বুধবাৰে এই কথা সদৰী কৰিছে। 

অভিযোগ অনুসৰি, কোম্পানীটোৰ কেইবাটাও সামগ্ৰী ব্যৱহাৰ কৰাৰ পাছত গ্ৰাহকে কেন্সাৰকে ধৰি বিভিন্ন শাৰীৰিক ৰোগত ভুগিছে।

ডাবুৰ ইণ্ডিয়াই জনাইছে যে আমেৰিকা আৰু কানাডাত ডাবুৰৰ সহযোগী কোম্পানীসমূহৰ সামগ্ৰী ব্যৱহাৰৰ ফলত হোৱা ডিম্বাশয় আৰু জৰায়ুৰ কৰ্কট ৰোগ আৰু অন্যান্য ৰোগৰ অভিযোগত লাখ লাখ গোচৰ ৰুজু হৈছে।

আমেৰিকা আৰু কানাডাৰ ডাবৰৰ সহযোগী কোম্পানী ‘নামাষ্টে লেবৰেটৰীজ’, ‘ডাৰমোভিভা স্কিন এচেন্সিয়েল’ আৰু ‘ডাবুৰ ইণ্টাৰনেশ্যনেল’ৰ বিৰুদ্ধে আমেৰিকাৰ জিলা আদালতত প্ৰায় ৫৪০০টা গোচৰ একত্ৰিত কৰা হৈছে।

বুধবাৰে ডাবুৰ ইণ্ডিয়াই কয় যে বৰ্তমান গোচৰসমূহ অতি প্ৰাৰম্ভিক আবেদন আৰু তদন্তৰ পৰ্যায়ত আছে। ডাবুৰে এই অভিযোগক ‘প্ৰমাণহীন আৰু অসম্পূৰ্ণ’ বুলি অভিহিত কৰিছে।

Related News