NORTHEAST NOW (Assamese)

পুৱতি নিশা গুৱাহাটী মহানগৰীৰ ৰিহাবাৰীত ডকাইতি কাণ্ড, লুটি নিলে নগদ ধন

March 25, 2022 10:44 am · কল্পজ্যোতি শইকীয়া, গুৱাহাটী
Updated: March 25, 2022 4:50 pm

পুৱতি নিশা ৰিহাবাৰীত ঘটিছে এক ডকাইতি কাণ্ড।

নিউ ৰাজধানী বেডিং ষ্টোৰ নামৰ ফাৰ্ণিচাৰ দোকানত ডকাইতি চলালে দুৰ্বৃত্তই।

৪০-৫০ জনীয়া দুৰ্বৃত্তই লুটিলে ফাৰ্ণিচাৰখনৰ সা-সামগ্ৰী।

বিপনীৰ গৰাকীৰ অভিযোগৰ আঙুলি-নবীন মিট্টল নামৰ বিল্ডাৰৰ বিৰুদ্ধে।

বিপনীখনৰ তিনি চাৰিগৰাকী কৰ্মীক উপৰ্যুপৰি প্ৰহাৰ কৰে ডকাইতৰ দলটোৱে।

অভিযোগ অনুসৰি নবীন মিট্টলৰ ভেৰোণীয়া গুণ্ডাই বিপনীৰ কৰ্মচাৰীক মাৰণাস্ত্ৰৰে ভয়-ভাবুকি দেখুৱাই লুটি নিয়ে নগদ ধনৰ উপৰিও সা-সামগ্ৰী।

ডকাইতৰ দলটোক বাধা দিবলৈ যোৱা বিপনীখনৰ স্বতাধিকাৰী মহম্মদ চাইমুদ্দিন আৰু নজৰ আলমকো ডকাইতৰ দলটোৱে আক্ৰমণ কৰে।

CCTV ত বন্দী হৈ ৰৈছে ডকাইতৰ দলে মাৰপিট কৰাৰ সমগ্ৰ দৃশ্য।

ইতিমধ্যে ঘটনাস্থলীত পল্টনবজাৰ আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

Related News