NORTHEAST NOW (Assamese)
অসম

ৰাষ্ট্ৰীয় যুৱ মজদুৰ কংগ্ৰেছৰ গোলাঘাট জিলাৰ সভাপতি নিযুক্ত দাদু টায়ে

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া August 19, 2020 8:47 pm
Dadu Taye appointed Golaghat district president of Youth Trade Union Congress

অসম প্ৰদেশ যুৱ মজদুৰ কংগ্ৰেছৰ গোলাঘাট জিলাৰ সভাপতিৰূপে বোকাখাতৰ যুৱনেতা দাদু টায়েক নিযুক্তি প্ৰদান কৰা হৈছে।

অসম প্ৰদেশ যুৱ মজদুৰ কংগ্ৰেছৰ সভাপতি প্ৰাণজিত দাসে মঙলবাৰৰ দিনা এক নিৰ্দেশযোগে দাদু টায়েক নিযুক্তি প্ৰদান কৰে৷

দীৰ্ঘদিনধৰি যুৱ কংগ্ৰেছৰ লগত জড়িত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ প্ৰাঃ উপ সভাপতি, কলিয়াবৰ লোকসভা যুৱ কংগ্ৰেছৰ প্ৰাঃ সাধাৰণ সম্পাদক দাদু টায়েই বৰ্তমান অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ৰাজ্যিক সম্পাদকৰ দায়িত্বও বহন কৰি আছে।

আগন্তুক ২০২১ৰ বিধান সভা নিৰ্বাচনত বোকাখাত সমষ্টিত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সবল দাবীদাৰ দাদু টায়ে ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছৰ যুৱ সংগঠনৰ দায়িত্ব লাভ কৰাত বোকাখাত কংগ্ৰেছৰ কৰ্মীসকলে সন্তুষ্টি প্ৰকাশ কৰিছে।

দাদু টায়েৰ এই নিযুক্তিত বোকাখাত ব্লক কংগ্ৰেছৰ সভাপতি ধৰ্মেশ্বৰ কুৰ্মী, সাধাৰণ সম্পাদক বিমল দলে আৰু লক্ষীপ্ৰসাদ শইকীয়াই শুভেচ্ছা জ্ঞাপন কৰে।