NORTHEAST NOW (Assamese)

ক’ৰ’না বিৰোধী যুঁজত জয়ৰ দিশে ভাৰত! ৬ মাহৰ মূৰত হ্ৰাস পালে আক্ৰান্তৰ সংখ্যা

December 22, 2020 11:38 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

ভাৰতত দ্ৰুত গতিত হ্ৰাস পাবলৈ ধৰিছে ক’ৰ’নাৰ সংক্ৰমণ। তথ্য অনুসৰি যোৱা ৬ মাহৰ অন্তত প্ৰথমবাৰৰ বাবে এটা দিনত দেশত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ২০ হাজাৰ তললৈ হ্ৰাস পাইছে।

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজ দি থকা ভাৰতৰ বাবে এয়া যথেষ্ট উৎফুল্লিত খবৰ।

স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত ভাৰতত নতুনকৈ ১৯৫৫৬ গৰাকী লোক ক’ৰ’না ভাইৰাছাত আক্ৰান্ত হৈছে।

ইফালে ইয়াৰ ফলত মৃত্যু ঘটিছে ৩০১ জন লোকৰ।

২ জুলাইৰ পিছত অৰ্থাৎ ৬ মাহৰ মূৰত এইদৰে ক’ৰ’না সংক্ৰমণৰ সংখ্যা হ্ৰাস পোৱা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে সোমবাৰে ২৪,৩৩৭ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হোৱাৰ সংখ্যাৰ তুলনাত মঙলবাৰৰ দিনটোত এই সংখ্যা প্ৰায় চাৰে চাৰি হাজাৰলৈকে হ্ৰাস পাইছে।

ইয়াৰ উপৰি সোমবাৰে ৩৩ গৰাকী লোক ক’ৰ’নাৰ ফলত মৃত্যু হৈছিল আৰু আজি ৩০১ জন লোক মৃত্যু হোৱা বুলি তথ্য আহিছে। অৰ্থাৎ সোমবাৰৰ তুলনাত মৃত্যুৰ সংখ্যা হ্ৰাস পাইছে ৩২ জনলৈকে।

আনহাতে দেশত এতিয়া সক্ৰিয় ৰোগাৰ সংখ্যা তিনি লাখৰো কম। এই সংখ্যা মুঠ আক্ৰান্তৰ মাত্ৰ ৩ শতাংশ।

যোৱা ২৪ ঘণ্টাত ক’ৰ’নাৰ পৰা মুক্ত হৈছে ৩০,৩৭৬ গৰাকী।

বৰ্তমান ভাৰতত মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ২,৯২,৫১৮ গৰাকী। ইফালে আৰোগ্য লাভ কৰা লোকৰ সংখ্যা হৈছে ৯৬,৩৬,৪৮৭ গৰাকী।

ভাৰতত ক’ৰ’না আক্ৰান্তৰ মুঠ সংখ্যা হৈছে ১,০০,৭৫,১১৬ গৰাকী। ইয়াৰে ১,৪৬,১১ গৰাকী লোকৰ ক’ৰ’নাৰ ফলত মৃত্যু ঘটিছে।

উল্লেখ্য যে সক্ৰিয় ৰোগীৰ সংখ্যাৰ ফালৰ পৰা দেশৰ ভিতৰত কেৰালা শীৰ্ষত আছে। ৰাজ্যখনত মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৬০ হাজাৰ ৫২২ গৰাকী।

সক্ৰিয় ৰোগীৰ সংখ্যাৰ ফালৰ ৫৯ হাজাৰ ৪৬৯ গৰাকী ৰোগীৰে দ্বিতীয় স্থানত আছে মহাৰাষ্ট্ৰ।

Related News