NORTHEAST NOW (Assamese)

দলিত অভিযন্তাৰ কাৰ্যালয়ত প্ৰৱেশ কৰি উদ্ভণ্ডালি বিজেপি নেতাৰ! জোতাৰে প্ৰহাৰ কৰা ভিডিঅ’ ভাইৰেল

August 24, 2025 8:25 am · এন ই নাও নিউজ, গুৱাহাটী

এজন বিজেপি কৰ্মীৰ বিৰুদ্ধে বিদ্যুৎ বিভাগৰ এজন দলিত অভিযন্তাৰ কার্যালয়ত প্রৱেশ কৰি ৰাজহুৱাভাৱে গালি-গালাজ কৰাৰ লগতে জোতাৰে কোবোৱাৰ অভিযোগ উত্থাপন হৈছে৷ উত্তৰ প্ৰদেশৰ এই ঘটনাৰ ভিডিঅ ইতিমধ্যে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। অৱশ্যে অভিযুক্তই নিজেই অভিযন্তাজনৰ বিৰুদ্ধে প্ৰতি অভিযোগ দাখিল কৰিছে।

অভিযোগকাৰী অভিযন্তা লাল সিঙে দাবী কৰিছে যে শনিবাৰে বিয়লি বিজেপি কৰ্মীজনে এটা দলৰ সৈতে হঠাতে নিজৰ কাৰ্যালয়ত প্ৰৱেশ কৰে। ইয়াৰ পিছত গালি-গালাজ কৰি তেওঁৰ ফালে লৰালৰিকৈ আহি আক্ৰমণ কৰিবলৈ চেষ্টা কৰে। দলিত হোৱাৰ বাবেই তেওঁক এনেদৰে আক্ৰমণ কৰা বুলি অভিযোগ উত্থাপন কৰে ভুক্তভোগীয়ে।

এই ঘটনাৰ লগত বিজেপিৰ প্ৰাক্তন মণ্ডল সভাপতি মুন্না বাহাদুৰ জড়িত বুলি অভিযোগ উঠিছে। ভাইৰেল ভিডিঅটোত দেখা গৈছে যে মুন্না সিঙে উত্তেজিত অৱস্থাত কাৰ্যালয়ত প্ৰৱেশ কৰি চিঞৰ-বাখৰ কৰিবলৈ আৰম্ভ কৰে।

লগতে তেওঁ কয় যে সেইদিনা কাৰ্যালয়ৰ চিচিটিভি কেমেৰাটোৱে কাম কৰা নাছিল। এই আক্ৰমণৰ ভিডিঅ ৰেকৰ্ডিং কৰে কাৰ্যালয়টোৰ এজন কৰ্মচাৰীয়ে। ইতিমধ্যে তেওঁ থানাত লিখিত এজাহাৰ দাখিল কৰিছে।

ইফালে বিজেপি কৰ্মী মুন্না সিঙে প্ৰত্যুত্তৰ অভিযোগ উত্থাপন কৰে যে অভিযন্তা আৰু তেওঁৰ সহযোগীসকলে তেওঁকেই আক্ৰমণ কৰিছিল।

মুন্না বাহাদুৰ সিঙৰ বিৰুদ্ধে ৰুজু হৈছে এক গোচৰ। আৰক্ষীৰ সূত্ৰ অনুসৰি তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ এটা বিশেষ দল গঠন কৰা হৈছে।

Related News