NORTHEAST NOW (Assamese)

দলিত মহিলাক অকথ্য নিৰ্যাতন: অমানুষিক প্ৰহাৰ কৰি, চুলিত ধৰি চোঁচৰাই উলিয়াই দিলে মন্দিৰৰ পৰা

January 7, 2023 4:14 pm · এন ই নাও নিউজ, গুৱাহাটী

কৰ্ণাটকৰ বেংগালুৰুস্থিত এক মন্দিৰত প্ৰৱেশ কৰা এগৰাকী দলিত মহিলাক অকথ্য নিৰ্যাতনেৰে মন্দিৰৰ ভিতৰৰ পৰা উলিয়াই দিয়াৰ ঘটনাই সম্প্ৰতি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। শেহতীয়াকৈ পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ কাণ্ডৰ এক ভিডিঅ’।

ভিডিঅ’টোত মহিলাগৰাকীক এক ব্যক্তিয়ে হাত আৰু ভৰিৰে প্ৰহাৰ কৰাৰ পিছত চুলিত ধৰি চোঁচৰাই মন্দিৰৰ বহিৰলৈ টানি নিয়া দেখিবলৈ পোৱা গৈছে। মন্দিৰৰ বাহিৰতো ব্যক্তিগৰাকীয়ে এডাল লাঠিৰে মহিলাগৰাকীক পুনৰ প্ৰহাৰ কৰা দেখা পোৱা গৈছে।

সম্প্ৰতি এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, উক্ত ঘটনাটো ২১ ডিচেম্বৰত সংঘটিত হোৱা বুলি উল্লেখ কৰি স্থানীয় আমৰুথাহল্লী আৰক্ষী থানাত ভুক্তভোগী হেমাৱতী নামৰ মহিলাগৰাকীয়ে এজাহাৰ দাখিল কৰিছিল।

হেমাৱতীয়ে এজাহাৰখনত আমৰুথাহল্লী স্থানীয় লক্ষ্মী নৰসিংহ স্বামী মন্দিৰৰ ‘ধৰমদৰ্শী’ মুনীকৃষ্ণক এই নিৰ্যাতনৰ অভিযুক্ত বুলি উল্লেখ কৰিছিল।

মহিলাগৰাকীৰ এজাহাৰৰ ভিত্তিত মুনীকৃষ্ণৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৫৪ ধাৰাৰ অধীনত এক গোচৰ ৰুজু কৰিছে আমৰুথাহল্লী আৰক্ষীয়ে।

আনহাতে মুনীকৃষ্ণই আৰক্ষীক আগত হেমাৱতীৰ বিৰুদ্ধে আন এক অভিযোগ উত্থাপন কৰিছে। মুনীকৃষ্ণৰ অভিযোগ অনুসৰি মহিলাগৰাকীয়ে ভগৱান ভেংকটেশ্বৰক তেওঁৰ স্বামী বুলি দাবী কৰি মন্দিৰৰ মূৰ্তিটোৰ কাষত বহিব বিচাৰিছিল।

হেমাৱতীৰ এই দাবী নাকচ কৰাৰ পিছতে তেওঁ পুৰোহিতজনৰ ওপৰত থু পেলোৱা বুলি অভিযোগ কৰিছে মুনীকৃষ্ণই।

তাৰ পিছতো তেওঁক বাৰে বাৰে মন্দিৰৰ পৰা যাবলৈ কোৱাৰ পাছতো মহিলাগৰাকীয়ে নুশুনাৰ বাবে তেওঁক মাৰপিট কৰি টানি উলিয়াই অনা হয় বুলি মুনীকৃষ্ণই আৰক্ষীৰ আগত উল্লেখ কৰিছে।

Related News