NORTHEAST NOW (Assamese)

উত্তৰ প্ৰদেশত বন্দুক দেখুৱাই পুনৰ দলিত যুৱতীক দলৱদ্ধ বলাৎকাৰ, অভিযুক্ত পলাতক

October 19, 2020 11:13 am · এন ই নাও নিউজ

ধৰ্ষণৰ ৰাজধানীত পৰিণত হোৱা যোগী আদিত্যনাথ নেতৃত্বাধীন উত্তৰ প্ৰদেশত পুনৰ বলাৎকাৰৰ বলি হ’ল এগৰাকী দলিত সম্প্ৰদায়ৰ যুৱতী।

ৰাজ্য খনৰ কানপুৰ দেহাত জিলাত এগৰাকী ২২ বছৰীয়া দলিত যুৱতীক ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি দুৰ্বৃত্তই দলৱদ্ধ ভাবে ধৰ্ষণ কৰে।

অভিযোগ অনুসৰি দুৰ্বৃত্তই যুৱতী গৰকীক বন্দুক দেখুৱাই ভীতি প্ৰদৰ্শন কৰে আৰু ইয়াৰ পিছতে ধৰ্ষণ কৰে।

ধৰ্ষণকাৰীসকলৰ ভিতৰত এজন প্ৰাক্তন গাওঁবুঢ়া থকা বুলিও জানিব পৰা গৈছে।

ঘটনাটো প্ৰায় এসপ্তাহ পূৰ্বে সংঘটিত হৈছিল যদিও বলাৎকাৰীয়ে ঘটনাৰ বিষয়ে কাৰোৱাক অৱগত কৰিলে যুৱতীগৰাকীক হত্যা কৰা হব বুলি ভাবুকি দিয়াৰ বাবেই পৰিয়ালৰ লোকে আৰক্ষীৰ কাষ চাপিবলৈ সাহস কৰা নাছিল।

অৱশেষত নিৰ্যাতিতা যুৱতীগৰাকীৰ পৰিয়ালে ঘটনাটো সসন্দৰ্ভত আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে।

দলিত যুৱতীগৰাকীক বলাৎকাৰ কৰা প্ৰধান অভিযুক্ত কেইজন বৰ্তমান পলাতক হৈ থকা বুলি কানপুৰ দেহাত জিলাৰ আৰক্ষী অধীক্ষক কেশৱ কুমাৰ চৌধুৰীয়ে পৰিকাশ কৰিছে।

উল্লেখ্য এদিন পূৰ্বেও উত্তৰ প্ৰদেশৰ বাৰাবাংকিত আন এগৰাকী দলিত সম্প্ৰদায়ৰ কিশোৰীক পথাৰলৈ শস্য চপাবলৈ যোৱাৰ সময়তে দুৰ্বৃত্তই বলাৎকাৰ কৰি হত্যা কৰিছিল।

Related News