NORTHEAST NOW (Assamese)
দেশ

ধৰ্মৰ ভিত্তিত অনুষ্ঠান বাতিল: ভাৰত নাট্যম শিল্পী মানচিয়াৰ সমৰ্থনত অনুষ্ঠান বয়কট দুই শিল্পীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 2, 2022 6:58 pm
Kerala temple bars artist over religion

কেৰালাৰ ত্ৰিচুৰৰ কুদালমানিক্যম নৃত্য উৎসৱত হিন্দু ধৰ্মৰ নোহোৱাৰ বাবেই ভাৰত নাট্যম নৃত্যশিল্পী মানচিয়াৰ অনুষ্ঠান বাতিল কৰাৰ পিছত শিল্পীগৰাকীৰ কাষত ঠিয় দিছে আন কেইগৰাকীমান নৃত্যশিল্পীয়ে।

প্ৰখ্যাত নৃত্যশিল্পী দেৱিকা সজীৱন আৰু অঞ্জু অৰবিন্দে মানচিয়াৰ প্ৰতি সমৰ্থন জনাই কুদালমানিক্যম মন্দিৰ উৎসৱত অনুষ্ঠান পৰিৱেশন নকৰাৰ সিদ্ধান্ত লৈছে।

দুয়োগৰাকী নৃত্যশিল্পীয়ে ঘোষণা কৰিছে যে তেওঁলোকে ২৪ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া নৃত্য কাৰ্যসূচীৰ পৰা নাম প্ৰত্যাহাৰ কৰিব।

নৃত্যশিল্পী দেৱিকাই সামাজিক মাধ্যমৰ পোষ্টত কয় যে তেওঁ এনে দুৰ্ভাগ্যজনক সমস্যাৰ সন্মুখীন হোৱা শিল্পী সকলৰ সৈতে থিয় দিব বুলি সিদ্ধান্ত লৈছে ।

আনহাতে এই সন্দৰ্ভত অধিক কঠোৰ সমালোচনা কৰিছে অঞ্জু অৰবিন্দে। তেওঁ কয় যে সমিতিয়ে মানচিয়াক হিন্দু বুলি এখন নথিত স্বাক্ষৰ কৰিবলৈ বাধ্য কৰিবলৈ চেষ্টা কৰিছিল।

একে কাৰণতে আন শিল্পীসকলক এৰাই চলিবলৈ লোৱা সিদ্ধান্তৰো তেওঁ বিৰোধ কৰে। অৰবিন্দে কয় যে এগৰাকী শিল্পী হিচাপে কলা বা শিল্প ধৰ্মৰ বাহিৰত বুলি তেওঁ অৱগত আৰু ‘হিন্দু’ বুলি প্ৰচাৰ কৰি তেওঁ অনুষ্ঠানত নৃত্য প্ৰদৰ্শন কৰিব নোৱাৰে।

তেওঁ লগতে অভিযোগ কৰে যে কেইবাজনো শিল্পীক প্ৰাৰম্ভিক পৰ্যায়ত স্থান দিয়াৰ পিছত বিভিন্ন কাৰণ উল্লেখ কৰি শেষ মুহূৰ্তত অনুষ্ঠানৰ পৰা প্ৰত্যাহাৰ কৰা হৈছিল।

উল্লেখ্য যে ২৪ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া কুডালমানিকিয়াম মন্দিৰ উৎসৱত নৃত্য প্ৰদৰ্শন কৰিবলগীয়া নৃত্যশিল্পী মানচিয়াক ধৰ্মীয় পৰিচয় দিবলৈ অস্বীকাৰ কৰাৰ পিছত প্ৰদৰ্শনকাৰীৰ তালিকাৰ পৰা আঁতৰাই দিয়া হৈছিল।

মুছলমান ধৰ্মীয় হিচাপে ডাঙৰ-দীঘল হোৱা মানচিয়াই পিছলৈ ধৰ্ম ত্যাগ কৰে। বৰ্তমান কোনো ধৰ্ম নোহোৱা ব্যক্তি হিচাপে মানচিয়াই পৰিচয় দিয়ে।