NORTHEAST NOW (Assamese)

নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত বাংলাদেশত মৃত্যু কুখ্যাত ৰোহিংগা দস্যুৰ

February 5, 2020 10:35 am · এন ই নাও নিউজ
বাংলাদেশৰ নিৰাপত্তাৰক্ষী বাহিনী

নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত সোমবাৰে মৃত্যু হয় কুখ্যাত ৰোহিংগা দস্যুৰ।

কক্সবজাৰৰ টেকনাফত ৰেপিড একশ্যন বেটেলিয়নৰ সৈতে গুলীয়াগুলীত মৃত্যু হয় ৰোহিংগা দস্যু মহম্মদ ইলিয়াছ ওৰফে দস্যু ইলিয়াছৰ।

জানিবপৰা মতে, সোমবাৰে নিশা হ্নীলা য়ুনিয়নৰ নপাড়া ৰোহিংগা শৰণাৰ্থী শিবিৰৰ পাহাৰীয়া অঞ্চলত দস্যুৰ দলৰ সৈতে নিৰাপত্তাৰক্ষীৰ গুলীয়াগুলী হয়।

আৰু এই গুলীয়াগুলীতে কক্সবাজাৰৰ কুখ্যাত ৰোহিংগা দস্যু মহম্মদ ইলিয়াছ(৪০)ৰ মৃত্যু হয়।

ইলিয়াছ শালবাগান ৰোহিংগা শৰণাৰ্থী শিৱিৰৰ ডি ব্লকৰ বাসিন্দা আছিল।

নিৰাপত্তাৰক্ষীয়ে সংঘৰ্ষস্থলীৰ পৰা দুটা আগ্নেয়াস্ত্ৰ আৰু ৪ জাই সজীৱ গুলী উদ্ধাৰ কৰে।

উল্লেখযোগ্য যে, কুখ্যাত দস্যু ইলিয়াছে ৰোহিংগা শৰণাৰ্থী শিৱিৰত আৰু ইয়াৰ পাৰ্শ্চৱৰ্তী অঞ্চলত সংঘটিত হোৱা বিভিন্ন অপৰাধমূলক ঘটনাৰ লগত জড়িত আছিল।

বাংলাদেশত থকা ৰোহিংগা শৰণাৰ্থী শিৱিৰ সমূহ বৰ্তমান সময়ত বিভিন্ন অপৰাধমূলক কাৰ্য্যকলাপৰ মূল ঘাটিত পৰিণত হৈছে যাৰবাবে দেশখনৰ আইন শৃংখলা পৰিস্থিতিৰ বাবেও ই ভাবুকিৰ সৃষ্টি কৰিছে।

Related News