NORTHEAST NOW (Assamese)

অঘটন! ইউৰো কাপৰ খেল চলি থকাৰ মাজতে ঢলি পৰিল ডেনমাৰ্কৰ ষ্ট্ৰাইকাৰ এৰিকছন

June 13, 2021 6:57 am · এন ই নাও নিউজ
খেলপথাৰত খ্ৰীষ্টিয়ান এৰিকছন।

ডেনমাৰ্কৰ কোপেনহেগনত ইউৰো কাপ-২০২০ৰ তৃতীয়খন মেচ চলি থকাৰ মাজতে ঘটিল অঘটন। ডেনমাৰ্ক আৰু ফিনলেণ্ডৰ মাজৰ খেলখনত প্ৰথমাৰ্দ্ধৰ খেল চলি থকাৰ সময়তে হঠাৎ খেলপথাৰতে ঢলি পৰিল ডেনমাৰ্কৰ ষ্ট্ৰাইকাৰ খ্ৰীষ্টিয়ান এৰিকছন।

১৯৯২চনৰ ইউৰো চেম্পিয়ন ডেনমাৰ্কে এৰিকছনৰ দুৰ্দান্ত প্ৰদৰ্শনৰ ফলতেই যোগ্যতা নিৰ্ণয়কাৰী পৰ্যায় অতিক্ৰম কৰিছিল।

শনিবাৰে ফিনলেণ্ডৰ বিৰুদ্ধে ডেনমাৰ্কৰ গ্ৰুপ-বি’ৰ প্ৰথমখন মেচৰ ৪০ মিনিট পাৰ হোৱাৰ পাছতে ঘটিল অঘটনটো। দৌৰি গৈ ফিনলেণ্ডৰ ব্ক্সৰ ভিতৰত সোমোৱাৰ পাছতে খেলপথাৰত ঢলি পৰে এৰিকছন।

এৰিকছন ঢলি পৰাৰ মুহূৰ্তত তেওঁৰ  ইপিনে সিপিনে ডেনমাৰ্ক কিম্বা ফিনলেণ্ড কোনোটো দলৰে কোনো খেলুৱৈ নাছিল।

এৰিকছন ঢলি পৰাৰ লগে লগে ৰেফাৰীকে ধৰি খেলুৱৈসকল তেওঁৰ কাষলৈ দৌৰি যায়। ততাতয়াকৈ আহি উপস্থিত হয় মেডিকেল টীম। খেলপথাৰতে তেওঁক প্ৰাথমিক চিকিৎসা প্ৰদান কৰি ট্ৰেচাৰত তুলি হাস্পাতাললৈ লৈ যোৱা হয়।

এৰিকছনৰ স্বাস্থ্যৰ সৱিশেষ জানিব পৰা হোৱা নাই যদিও বৰ্তমান তেওঁৰ শাৰীৰিক কোনো বিপত্তি ঘটা নাই।

ঘটনাৰ ১৫ মিনিট পাছত মেচ কমিছনাৰ খেলপথাৰলৈ আহি সমগ্ৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰি মেডিকেল ইমাৰ্জেন্সিৰ বাবে খেলখন স্থগিত কৰে।

খেলপথাৰৰ গেলেৰীত তেতিয়া দৰ্শকৰ মাজত তীব্ৰ উৎকণ্ঠাই বিৰাজ কৰিছিল। টাচলাইনত উদ্বিগ্ন এৰিকছনৰ পত্নীৰ চকুত চকুলো নিগৰিছিল।

পাছত উৱেফাই জানিবলৈ দিয়ে যে দুয়োটা দলৰ সৈতে আলোচনা কৰি মেচখন পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। পৰৱৰ্তী সময়ত খেল আৰম্ভ কৰা মেচখনত ফিনলেণ্ড ১-০গলত বিজয়ী হয়।

Related News