NORTHEAST NOW (Assamese)

আহি আছে অস্কাৰ বিজয়ী শ্লামডগ মিলিয়নাৰৰ ছিকুৱেল!

November 29, 2024 11:47 am · এন ই নাও নিউজ, গুৱাহাটী

২০০৮ চনত মুক্তি পোৱা ডেনি বয়েলৰ শ্লামডগ মিলিয়নাৰ ছবিখনে অস্কাৰৰ দৰে সন্মানীয় বঁটা লাভ কৰিছিল। তাৰ পিছত ১৭ বছৰ পাৰ হৈ গ’ল। এইবাৰ পৰ্দালৈ আহি আছে ‘শ্লামডগ মিলিয়নাৰ’ৰ ছিকুৱেল? শেহতীয়াকৈ এনেধৰণৰ ইংগিতেই পোৱা গৈছে।

নতুনকৈ মুকলি কৰা প্ৰডাকচন কোম্পানী ‘ব্ৰিজ ৭’ই ক্ৰয় কৰিছে শ্লামডগ মিলিয়নাৰৰ ছিকুৱেল আৰু টিভি ৰাইটছ। ডেডলাইনৰ এক প্ৰতিবেদন অনুসৰি লছ এঞ্জেলছৰ এই কোম্পানীটো পৰিচালনা কৰে প্ৰযোজক স্বাতী শ্বেট্টী আৰু চিএএৰ প্ৰবীণ এজেণ্ট গ্ৰাণ্ট কেছমেনে। তেওঁলোকে এই সম্পত্তিটো ব্ৰিটেইনৰ কোম্পানী চেলাডৰৰ পৰা কিনিছে।

ইফালে, চেলাডৰে ব্ৰীজ ৭ৰ সৈতে ‘শ্লামডগ মিলিয়নেয়াৰ’ৰ ছিকুৱেলৰ কাম আৰম্ভ কৰিবলৈ ওলাইছে। অৱশ্যে এই সন্দৰ্ভত কোনো সবিশেষ প্ৰকাশ কৰা হোৱা নাই। স্বাতী শ্বেট্টী আৰু গ্ৰাণ্ট কেছমেনে যৌথ বিবৃতিত কয়, ‘কিছুমান কাহিনী আমাৰ লগত আজীৱন থাকে, শ্লামডগ মিলিয়নাৰ এনেকুৱা এটা কাহিনী যিটো পাহৰিব নোৱাৰি। ডেনি বয়েলৰ পৰিচালনাত নিৰ্মিত শ্লামডগ মিলিয়নাৰ ছবিখনে সেই সময়ত শ্ৰেষ্ঠ পৰিচালক আৰু শ্ৰেষ্ঠ ছবিকে ধৰি আঠটা অস্কাৰ বঁটা লাভ কৰিছিল।

এই ছবিখনৰ কাহিনী মুম্বাইৰ দুই দুখীয়া ল’ৰা জামাল আৰু চেলিমৰ জীৱনৰ ওপৰত কেন্দ্ৰিত। লটিকা নামৰ ছোৱালী এজনীৰ সৈতে তেওঁলোকৰ পৰিচয় হয়। অনিল কাপুৰে অভিনয় কৰা জনপ্ৰিয় গেম শ্ব’ৰ আয়োজক প্ৰেম কুমাৰৰ চৰিত্ৰটো আছিল চিনেমাখনৰ এক গুৰুত্বপূৰ্ণ দিশ। ধৰ্মীয় সংঘৰ্ষত মাতৃৰ মৃত্যু আৰু দৰিদ্ৰতা দূৰ কৰাৰ সংগ্ৰামকে ধৰি তেওঁলোকৰ জীৱন সংগ্ৰামৰ মাজেৰে কাহিনীটো আগবাঢ়িছে।

চিনেমাখনৰ আটাইতকৈ আকৰ্ষণীয় অংশটো আছিল জামালৰ ‘হু ৱাণ্টছ টু বি এ মিলিয়নাৰ’ গেম শ্ব’ত অংশগ্ৰহণ, য’ত তেওঁ ২.৫ কোটি টকা লাভ কৰিছিল আৰু তেওঁৰ জয় ছবিখনত লাখ লাখ লোকৰ বাবে অনুপ্ৰেৰণা হৈ পৰে।

৮২ সংখ্যক অস্কাৰ বঁটাত ধুমুহাৰ সৃষ্টি কৰিছিল ‘শ্লামডগ মিলিয়নেয়াৰ’য়ে। ২০০৫ চনৰ বিকাশ স্বৰূপৰ উপন্যাস ‘কিউ এণ্ড এ’ৰ কাহিনীৰ আধাৰত নিৰ্মিত এই ছবিখন। অস্কাৰৰ মঞ্চত শ্ৰেষ্ঠ সংগীত পৰিচালক হিচাপে বঁটা লাভ কৰে এ আৰ ৰহমানে।

Related News