NORTHEAST NOW (Assamese)

দৰং আৰক্ষীৰ হাতত আটক তিনিগৰাকী বিদেশী

May 2, 2019 9:52 pm · ময়ূখ গোস্বামী
Updated: May 2, 2019 10:31 pm
দৰঙত আৰক্ষীৰ হাতত আটক হোৱা বিদেশী কেইগৰাকী

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীৰ হাতত অবৈধ বিদেশী নাগৰিক আটক হৈ অহাৰ সময়ত বৃহস্পতিবাৰে দৰং আৰক্ষীয়ে তিনিগৰাকী বিদেশীক আটক কৰে।

আৰক্ষীয়ে অবৈধভাবে ভাৰতত প্ৰবেশ কৰা নাগৰিক তিনিগৰাকীক আটক কৰি তেজপুৰত থকা ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰে। আটক কৰা তিনিগৰাকী লোকক বিদেশী ন্যায়াধিকৰণে বিদেশী হিচাপে ঘোষণা কৰিছে।

আৰক্ষীৰ হাতত আটক হোৱা লোক তিনিগৰাকী হ’ল ক্ৰমে- দলগাঁও আৰক্ষী চকীৰ অন্তৰ্গত শিমলুগুৰি গাঁৱৰ মহম্মদ নিজামুদ্দিনৰ পত্নী উমে কুলচুম(৫০), ৰোহিনীকাষ গাঁৱৰ শৰৎ চন্দ্ৰ সেনৰ পুত্ৰ শশী কান্ত সেন (৬২) আৰু ধলুৱা আৰক্ষী থানাৰ অন্তৰ্গত খাতনিয়াপাৰা গাঁৱৰ মজুমুদ্দিনৰ পুত্ৰ আচফ আলী(৫৪)।

উল্লেখযোগ্য যে, তিনিওগৰাকীৰ নামত বিদেশী ন্যায়াধিকৰণৰ ২৭২০/১৭, ৪০০/১৫ আৰু ১১৬৬/১৫ নম্বৰত গোচৰ চলি আছে।

আনহাতে, ৪ মে’ত ২০ গৰাকী অবৈধ বাংলাদেশী নাগৰিকক সীমান্ত সুৰক্ষা বাহিনীয়ে বাংলাদেশৰ হাতত গতাই দিব। ২০ গৰাকী বাংলাদেশীৰ ভিতৰত শিলচৰ ডিটেনচন কেম্পৰ পৰা ১৯ গৰাকী আৰু কোকৰাঝাৰ কেম্পৰ পৰা এগৰাকী লোক আছে।

 

Related News