NORTHEAST NOW (Assamese)

গোলাঘাট জিলাত কেঁচা চাহপাতৰ মূল্য হ্ৰাস পোৱা সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক

October 29, 2021 6:32 pm · মীনাক্ষী ফুকন,গোলাঘাট
Updated: October 29, 2021 6:38 pm

গোলাঘাট জিলাত কেঁচা চাহপাতৰ মূল্য ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰা বিষয়টো সন্দৰ্ভত আজি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত কেইবাটাও চাহ খেতিয়ক সন্থাৰ প্ৰতিনিধিৰ উপস্থিতিত উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাৰ সভাপতিত্বত এখন বৈঠক অনুষ্ঠিত হয় ।

বৈঠকত ক্ষুদ্ৰ চাহ খেতিয়ক পৰিষদ, ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ গোলাঘাট জিলা সমিতি, উত্তৰ-পূৰ্বাঞ্চল চাহ সন্থা, এবিটা আৰু টি এছ’চিয়েশ্যন অৱ ইণ্ডিয়া, যোৰহাটৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ।

বৈঠকত জিলাখনত কেঁচা চাহপাতৰ মূল্য ক্ৰমশঃ হ্ৰাস পাবলৈ ধৰাৰ কাৰণসমূহ বিস্তৃতভাৱে পৰ্যালোচনা কৰাৰ অন্তত পৰিলক্ষিত হয় যে, আপত্তি বিহীনতাৰ প্ৰমাণপত্ৰ নথকা এজেন্টেও নীতি বৰ্হিভূতভাৱে অত্যধিক মাত্ৰাত ফেক্টৰীত কেঁচা চাহপাত যোগান ধৰাৰ ফলত চাহপাতৰ গুণগত মান হ্ৰাস পাই আহিছে ।

এজেন্টসকলে খেতিয়কসকলক ফেক্টৰীৰ মূল্য কমাৰ ফলতো কেঁচা চাহপাতৰ মূল্য হ্ৰাস পাই আহিছে বুলি আভুৱা ভাৰি অহাৰ অভিযোগ উত্থাপন কৰে চাহ খেতিয়ক সন্থাই ।

সভাত বিস্তৃত আলোচনাৰ অন্তত কেতবোৰ ব্যৱস্থা কাৰ্যকৰী কৰিবলৈ উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱাই নিৰ্দেশ দিয়ে ।
সেই অনুসৰি কেঁচা চাহপাত যোগানকাৰী এজেন্টসকলে অহা সাত দিনৰ ভিতৰত প্ৰশাসনৰ পৰা আপত্তিবিহীনতাৰ প্ৰমাণ পত্ৰ (NOC) সংগ্ৰহ কৰিব লাগিব ।

প্ৰশাসনৰ পঞ্জীয়নকৃত আপত্তি বিহীনতাৰ প্ৰমাণপত্ৰ (NOC) নথকা এজেন্টে ফেক্টৰীত কেঁচা চাহপাত যোগান ধৰিব নোৱাৰিব । ফেক্টৰীৰ মালিকপক্ষয়ো আপত্তিবিহীনতাৰ প্ৰমাণপত্ৰ (NOC) নথকা এজেন্টৰ পৰা চাহপাত ক্ৰয় কৰিব নোৱাৰিব।

ৰাতি ৮ বজাৰ পিছত ফেক্টৰীয়ে কেঁচা চাহপাত লোৱা কাৰ্য বন্ধ কৰিব লাগিব ।

অন্যথা আইনমতে দণ্ডনীয় হব । জিলা উপায়ুক্তৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰীৰ লগতে কেইখনমান চাহবাগিচাৰ পৰিচালকসকল উপস্থিত আছিল ।

Related News