NORTHEAST NOW (Assamese)

JMCHৰ ফ’ৰ্মৰ সৈতে মৰিয়নীত দুটিকৈ নবজাতকৰ মৃতদেহ উদ্ধাৰ

May 18, 2020 1:19 pm · নিৰ্মলেন্দু পাঠক

যোৰহাট জিলাৰ মৰিয়নীত আজি দুটিকৈ নবজাতক শিশুৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

মৰিয়নী নগৰৰ ১নং ৱাৰ্ডৰ জ্যোতি নগৰৰ সমীপৰ ভোগদৈ নদীৰ জুৱলিত নবজাতক শিশু দুটিৰ মৃতদেহ উদ্ধাৰ হয়।

আনহাতে শিশুৰ মৃতদেহ দুটিৰ লগত যোৰহাট মেডিকেল কলেজ লিখা এখন ৰিপৰ্ট ফৰ্ম উদ্ধাৰ হোৱাত স্থানীয় ৰাইজে উদ্বেগ প্ৰকাশ কৰিছে।

একাংশ স্থানীয় লোকে শিশু দুটিৰ মৃতদেহ দেখা পাই আৰক্ষীক খবৰ দিয়াত স্থানীয় আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও বাতৰি যুগুত কৰা সময়লৈকে এই সম্পৰ্কত কোনো সঠিক তথ্য প্ৰকাশ কৰা নাই।

Related News