NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ January 23, 2021 8:25 pm
Deadbody

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমণকলৈ  শিৱসাগৰত উখল-মাখল পৰিবেশৰ সৃষ্টি হোৱাৰ সময়তে মোদীৰ সভাস্থলীৰ কাষতে এজন চিকিৎসকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

শিৱসাগৰৰ জেৰেঙা পথাৰৰ সমীপৰ মানকটা আলিৰ দলঙৰ তলত উদ্ধাৰ  হয় ডা: দেৱাশীষ দোলাকাষৰীয়া (৩৬) নামৰ পশু চিকিৎসক গৰাকীৰ মৃতদেহ।

প্ৰধান মন্ত্ৰীৰ সভাৰ সমীপতে সংঘটিত এই দুৰ্ভাগ্যজনক ঘটনাই জোকাৰি গৈছে সমগ্ৰ চহৰ খনকে।

শিৱসাগৰ পশু চিকিৎসালয়ৰ তত্বাবধায়ক বিষয়া আছিল ডা: দোলাকাষৰীয়া।

শিৱসাগৰ মগৰাহাট দোলাকাষৰীয়া নিবাসী চিকিৎসকজনে আজি বিয়লি ৩ বজালৈকে কৰ্তব্যত আছিল  বুলি জানিব পৰা গৈছে।

কৰ্মক্ষেত্ৰৰ পৰা স্কুটিৰে উভতি যোৱাৰ পথত দুৰ্ঘটনাত চিকিৎসকজনৰ মৃত্যু হোৱাৰ সম্ভাৱনা থকা বুলি বহুতে সন্দেহ কৰিছে।

মোদীৰ সভালৈ অহা অচিনাক্ত বাহনৰ চেপাতে চিকিৎসকজনৰ মৃত্যু হোৱাৰ সন্দেহ কৰিছে বহু জনে।