NORTHEAST NOW (Assamese)
অসম

দিখৌ নদীত মাতৃয়ে দলিয়াই দিয়া কণমানি দেৱযানীৰ মৃতদেহ উদ্ধাৰ

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ November 16, 2019 2:40 pm
IMG-20191116-WA0028

দিখৌ নদীত নিজ মাতৃয়ে দলিয়াই দিয়া কণমানি দেৱজানীৰ মৃতদেহ আজি উদ্ধাৰ কৰা হয়। এছ ডি আৰ এফ বাহিনীৰ এটা দলে উদ্ধাৰ কৰে মৃতদেহটো।

শুকুৰবাৰে সংঘটিত হোৱা এই কৰুণ ঘটনাৰ পিছৰে পৰা এছ ডি আৰ এফ বাহিনীয়ে কণমানীজনীৰ উদ্ধাৰৰ বাবে অভিযান চলাই আছিল যদিও শুকুৰবাৰে সন্ধিয়া হোৱাৰ বাবে তেওঁলোক সফল নহ’ল।

উদ্ধাৰকাৰী দলে আজি পুৱা পুনৰ অভিযান আৰম্ভ কৰাত ১১ মান বজাত ঘটনাস্থলৰ কিছু নিলগত কণমানি দেৱজানীৰ মৃতদেহ উদ্ধাৰ হয়।

উল্লেখ্য যে দৰিদ্ৰতা আৰু শাৰিৰীক অসুস্থতাৰ বাবে বৃহস্পতিবাৰে নিশা নামদাং শিল সাঁকোৰ পৰা অনুপমা দাসে নিজৰ ৭ বছৰীয়া কন্যাক বুকুত সাৱতি আত্মহত্যাৰ বাবে দিখৌ নদীত জাপ দিছিল।

কিন্তু সৌভাগ্য ক্ৰমে মাতৃ অনুপমা দাসৰ জীৱন ৰক্ষা পৰে যদিও কণমানি দেৱজানীয়ে মৃত্যুমুখত পৰে।

ইফালে এই ঘটনাৰ পিছতে মাতৃ অনুপমা দাসক শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু বৰ্তমান শিৱসাগৰ আৰক্ষীৰ জিম্মাত আছে।