NORTHEAST NOW (Assamese)
Popular Stories

এএমইউৰ প্ৰথম মহিলা উপাচাৰ্য নৈমা খাতুনৰ নিযুক্তিৰ বিৰুদ্ধে হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 8, 2025 3:37 pm
এএমইউৰ প্ৰথম মহিলা উপাচাৰ্য নৈমা খাতুনৰ নিযুক্তিৰ বিৰুদ্ধে হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আলিগড় মুছলিম বিশ্ববিদ্যালয় (এএমইউ)ৰ প্ৰথম মহিলা উপাচাৰ্য হিচাপে অধ্যাপিকা নৈমা খাতুনৰ নিযুক্তিৰ বিৰুদ্ধে দাখিল কৰা আবেদনত হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ কৰে উচ্চতম ন্যায়ালয়ে। ন্যায়াধীশ জে.কে. মহেশ্বৰীৰ নেতৃত্বৰ বিচাৰপীঠে এই আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ ইচ্ছ্যুক নহয় বুলি স্পষ্ট কৰি দিয়ে।

অধ্যাপক মুজাফ্ফৰ উদ্দিন ৰাব্বানী আৰু ফৈজান মুস্তাফাই দাখিল কৰা এই আবেদন অনুসৰি, কাৰ্যবাহী পৰিষদে অধ্যাপিকা খাতুনৰ নাম পৰামৰ্শ কৰোঁতে তেওঁৰ স্বামী অধ্যাপক মহম্মদ গুলৰাইজৰ ভূমিকাৰ ওপৰত প্ৰশ্ন উত্থাপিত হৈছিল। অধ্যাপক গুলৰাইজ বৰ্তমানে এএমইউত উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। আবেদনকাৰীসকলে দাবী কৰিছে যে এনে পৰিস্থিতিত অধ্যাপিকা খাতুনৰ নাম বিবেচনা কৰা উচিত নাছিল।

ইয়াৰ পূৰ্বে এলাহাবাদ উচ্চ ন্যায়ালয়ে এই নিযুক্তিৰ বিৰুদ্ধে দাখিল কৰা আবেদনখন খাৰিজ কৰিছিল আৰু কোনো অনিয়ম বা অসঙ্গতিৰ সন্ধান পোৱা নাছিল বুলি জনায় দিছিল। উচ্চতম ন্যায়ালয়েও একে মত প্ৰকাশ কৰিছে।

আবেদনকাৰীসকলৰ জ্যেষ্ঠ অধিবক্তাই যুক্তি দিয়াৰ বিপৰীতে কেন্দ্ৰচৰকাৰে অধ্যাপিকা খাতুনৰ নিযুক্তিৰ পূৰ্ণ সমৰ্থন জনায়। কেন্দ্ৰই তেওঁক “প্ৰতিশ্ৰুতিসম্পন্ন সন্মানীয় শিক্ষাবিদ” বুলি অভিহিত কৰি কয় যে এই নিযুক্তি এএমইউৰ বাবে এক ঐতিহাসিক পদক্ষেপ। বিশ্ববিদ্যালয়ৰ ইতিহাসত আগতে কেতিয়াও কোনো মহিলা উপাচাৰ্য নিযুক্ত হোৱা নাছিল।