NORTHEAST NOW (Assamese)
দেশ

ট্ৰাম্পৰ শুল্কই নেতিবাচক প্ৰভাৱ পেলাব ভাৰতৰ জিডিপিত : স্বীকাৰ অৰ্থনৈতিক উপদেষ্টা ভি অনন্ত নাগেশ্বৰনৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 8, 2025 3:09 pm

ভাৰতৰ মুখ্য অর্থনৈতিক উপদেষ্টা ভি অনন্ত নাগেশ্বৰনে মানি লৈছে যে ট্ৰাম্পৰ শুল্ক নীতিয়ে ভাৰতৰ অৰ্থনীতিত প্ৰভাৱ পেলাব।

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত ২৫ শতাংশ অতিৰিক্ত শুল্ক আৰোপ কৰিছে, যাৰ ফলত ভাৰতৰ ওপৰত আমেৰিকাৰ মুঠ শুল্ক ৫০ শতাংশলৈ বৃদ্ধি পাইছে আৰু যোৱা মাহৰ শেষৰ পৰা এই শুল্ক কাৰ্যকৰী হৈছে।

সোমবাৰে ব্লুমবাৰ্গ টিভিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মুখ্য অৰ্থনৈতিক উপদেষ্টা ভি অনন্ত নাগেশ্বৰনে কয় যে আমেৰিকাৰ শুল্কই চলিত বৰ্ষত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি) আধা শতাংশ পইণ্ট হ্ৰাস কৰিব পাৰে।

অতিৰিক্ত শুল্ক অল্পকালীন হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে।

ব্লুমবাৰ্গক তেওঁ কয় যে শুল্ক কিমান দিনলৈ চলিব তাৰ ওপৰত নিৰ্ভৰ কৰি জিডিপিত ০.৫ৰ পৰা ০.৬ শতাংশ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে।

জুলাইৰ পৰা ছেপ্টেম্বৰৰ দ্বিতীয় ত্ৰৈমাসিকত আৰু তাৰ পাছৰ কিছুমান ত্ৰৈমাসিকত উৎপাদন আৰু ৰপ্তানিৰ তথ্যৰ ওপৰত শুল্কৰ প্ৰভাৱ দেখা যাব বুলি শংকা প্ৰকাশ কৰিছে অৰ্থনৈতিক উপদেষ্টাগৰাকীয়ে।