NORTHEAST NOW (Assamese)
অসম

চামগুৰি বৰমা পথাৰত নৱজাতকৰ মৃতদেহ উদ্ধাৰ

Posted by: বিদ্যুত জ্যোতি বৰা Updated by: বিদ্যুত জ্যোতি বৰা January 26, 2020 6:31 pm
97a9b30a-642e-4ac5-bdd3-39176f79182c

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত বাজিয়াগাঁও অঞ্চলৰ বৰমা পথাৰত কোনো পাষাণ হৃদয়ৰ পিতৃ-মাতৃয়ে এটি নৱজাতক পুত্ৰ সন্তান দলিয়াই থৈ যোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য মতে আজি পুৱা বৰমা পথাৰত গৰু দিবলৈ যাওতে একাংশ স্থানীয় লোকে এটি মৃত নৱজাতক দেখি চামগুৰি আৰক্ষী থানাত খবৰ দিয়ে। পৰৱৰ্তী সময়ত চামগুৰি আৰক্ষীৰ এটা দল ঘটনাস্থলত উপস্থিত হৈ নৱজাতকটিৰ মৃতদেহ উদ্ধাৰ কৰে।

আৰক্ষীয়ে উদ্ধাৰ কৰা মৃত নৱজাতকটিৰ কাষতে এটি পলিথিনৰ মোনাও উদ্ধাৰ হয়। ২৫ জানুৱাৰি অৰ্থাৎ শনিবাৰে নিশা বৰমা পথাৰত নৱজাতকটিক দলিয়াই দিয়া বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোক তথা আৰক্ষীৰ দলে।

ইতিমধ্যে আৰক্ষীয়ে মৃত নৱজাতকটিক মণোনোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে যোৱা ১৮ জানুৱাৰীত  চামগুৰিৰ কনুৱামাৰী পকী দলঙৰ তলত এটি সদ্যজাত মৃত কন্যা সন্তান উদ্ধাৰ হৈছিল।