NORTHEAST NOW (Assamese)

চামগুৰিৰ নীলাপানীত সন্ধানহীন হোৱা নুনমাটিৰ যুৱকজনৰ মৃতদেহ উদ্ধাৰ

October 14, 2020 6:17 pm · বিদ্যুত জ্যোতি বৰা
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত কঠালগুৰি অঞ্চলৰ নীলাপানীৰ হ্ৰদত যোৱা তিনিদিন ধৰি সন্ধানহীন হৈ থকা গুৱাহাটীৰ যুৱকজনৰ মৃতদেহটো আজি বিয়লি চামগুৰি আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷

নীলাপানী হ্ৰদত যোৱা ১১ তাৰিখ দেওবাৰে গুৱাহাটীৰ বামুণীমৈদামৰ পৰা ন জনীয়া যুৱকৰ দল এটাই বনভোজ খাবলৈ আহিছিল৷

বনভোজ খাবলৈ আহি নীলাপানী হ্ৰদত বন্ধুৰ সৈতে সাঁতুৰি থকাৰ অৱস্থাত গুৱাহাটী নুনমাটিৰ জয়ন্ত নগৰৰ সুভাষ কলিতাৰ পুত্ৰ বিকি কলিতা নামৰ যুৱকজন হ্ৰদটোত সন্ধানহীন হৈছিল৷

পৰৱৰ্তী সময়ত চামগুৰি আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীয়ে যোৱা তিনিদিন ধৰি উদ্ধাৰ অভিযান চলাইছিল যদিও বিকিৰ মৃতদেহ উদ্ধাৰ কৰাত বিফল হৈছিল৷

আজি নীলা পানীৰ হ্ৰদটোত একাংশ স্থানীয় লোকে মৃতদেহটো ওপঙি থকা দেখি আৰক্ষীক খবৰ দিয়ে। পিছত ঘটনাস্থলীত চামগুৰি আৰক্ষীৰ দল উপস্থিত হৈ  হ্ৰদটোৰ পৰা মৃতদেহটো উদ্ধাৰ কৰে বুলি জানিব পৰা গৈছে।

Related News