NORTHEAST NOW (Assamese)
অসম

Guwahati IIT গুৱাহাটী আইআইটিত অঘটন, ছাত্ৰাবাসৰ বিচনাত উদ্ধাৰ ছাত্ৰৰ মৃতদেহ

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী January 26, 2022 12:56 pm

গুৱাহাটী আইআইটিত অঘটন, ছাত্ৰাবাসৰ বিচনাত উদ্ধাৰ ছাত্ৰৰ মৃতদেহ।

আজি পুৱাই প্ৰযুক্তিৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান খনত উদ্ধাৰ হয় মানৱ সম্পদ আৰু সমাজ বিজ্ঞান বিভাগৰ ছাত্ৰ প্ৰশান্ত কুমাৰ আৰুখৰ মৃতদেহ।

পিএইছডি কৰি থকা ছাত্ৰ জনৰ কোনোৱাই হত্যা কৰিছে নে এয়া আত্মহত্যা বা আকস্মিক মৃত্যু তাকেলৈ ৰহস্যৰ সৃষ্টি হৈছে।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

ছাত্ৰাবাসৰ আন একাংশ আবাসীয়ে প্ৰকাশ কৰা মতে যোৱা দুদিন ধৰি মৃত প্ৰশান্ত কুমাৰ আৰুখৰ কোঠাটোৰ দুৱাৰ বন্ধ হৈ আছিল।

আজি সন্দেহবশতঃ কোঠাৰ দুৱাৰ খুলি চোৱাৰ পিছতে ছাত্ৰ জনৰ মৃতদেহটো উদ্ধাৰ হয়।