NORTHEAST NOW (Assamese)
অসম

কোকৰাঝাৰ বিছমুৰীত বৃহৎ পৰিমাণৰ বাৰ্মিজ চেগুন ভৰ্তি ট্ৰাক জব্দ

Posted by: ৰিনয় বসুমতাৰী,কোকৰাঝাৰ Updated by: ৰিনয় বসুমতাৰী,কোকৰাঝাৰ January 26, 2022 12:29 pm

কোকৰাঝাৰ হল্টুগাঁও বন সাংমাণ্ডলিক বিভাগৰ ৰেঞ্জাৰ অজয় নাৰ্জাৰীৰ নেতৃত্বত বিছমুৰীৰ ৩১ নং (গ) ৰাষ্ট্ৰীয় ঘাইপথত চলোৱা এক অভিযানত অৰুণাচলৰ পৰা পাঞ্জাৱ অভিমুখে চোৰাংকৈ লৈ যোৱা অৱস্থাত এখন ১৪ চকীয়া ট্ৰাকৰ (পঞ্জীয়ন নং PB 02 DF 7504) পৰা প্ৰায় ৩ লাখ টকাৰ মূল্যৱান চেগুন কাঠ জব্দ কৰে ।

উল্লেখ্য অসমৰ মাজৰে প্ৰায়ে এনেদৰে বহিঃৰাজ্যলৈ মূল্যৱান কাঠ সৰবৰাহ হৈ থকাৰ অভিযোগ উঠি আহিছে।

ইয়াৰ পূৰ্বেও ৰাজ্যৰ একাধিক স্থানত এনে চোৰাং কাঠ জব্দ হৈছিল।