NORTHEAST NOW (Assamese)
অসম

স্বৈৰাচাৰী কিম জং উনৰ নতুন নিৰ্দেশত উত্তৰ কোৰিয়াত পুনৰ শংকাৰ ডাৱৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 29, 2021 9:30 am
image.jpg000-750x375

একনায়কত্ববাদী শাসকগৰাকীৰ কামকাজে প্ৰায়েই সমগ্ৰ বিশ্বক জোকাৰি যায়। আন্তৰ্জাতিক মহলত নেতাগৰাকীৰ দপদপনিয়ে সকলোকে উদ্বিগ্ন কৰি তোলে। তেওঁ উত্তৰ কোৰিয়াৰ স্বৈৰাচাৰী শাসক কিম জং উন।

শেহতীয়াকৈ কিমে এক নতুন নিৰ্দেশনা জাৰি কৰিছে। গোটেই উত্তৰ কোৰিয়াতে বিদেশী সংবাদমাধ্যমক নিষিদ্ধ কৰা হৈছে।

সেইদৰে বিশ্ব প্ৰসিদ্ধ দক্ষিণ কোৰিয়াৰ চলচ্চিত্ৰ, ছিৰিজৰ সম্প্ৰচাৰ তথা চোৱাৰ ওপৰতো অনা হৈছে নিষেধাজ্ঞা।

আনহাতে, নিষেধাজ্ঞা অমান্য কৰিলে শকত পৰিমানৰ ধন জৰিমনা তথা শাস্তিৰ সন্মুখীন হ’ব লাগিব দেশখনৰ অভিযুক্ত নাগৰিক।

যোৱা বছৰেই এই নতুন আইন গৃহীত কৰা হয় যদিও সম্প্ৰতিহে বিষয়টো পোহৰলৈ আহিছে।

দক্ষিণ কোৰিয়াৰ সৈতে উত্তৰ কোৰিয়াৰ অহিনুকুল সম্পৰ্কৰ কথা সৰ্বজনবিদিত। বাতৰি অনুসৰি, উত্তৰ কোৰিয়াৰ কোনো শিশুৱে যদি চুবুৰীয়া দেশখনে প্ৰস্তুত কৰা কোনো অনুষ্ঠান চায় তেতিয়াহ’লে শিশুটিৰ পিতৃ-মাতৃৰ ১৫ বছৰ পৰ্যন্ত কাৰাদণ্ড হ’ব পাৰে।

সেয়াই নহয়, পঞ্জীয়ন নথকা কোনো টেলিভিশ্বন, ৰেডিঅ’,কম্পিউটাৰ, বিদেশী মোবাইল ফোন বা ইলেকট্ৰনিক ডিভাইচ ব্যৱহাৰো অপৰাধ হিচাপে গণ্য হ’ব বুলি কোৱা হৈছে।

কিম জং বৰ্তমান দেশখনৰ শাসনাধীন দলটোৰ সাধাৰণ সম্পাক হিচাপে নিৰ্বাচিত হৈছে। দেশখনৰ নেতাগৰাকীৰ ক্ষমতা বৃদ্ধিকলৈ দেশখনত শংকাৰ সৃষ্টি হোৱাৰ সমান্তৰালকৈ নেতাগৰাকীৰ ভনীয়েক কিম ইয়ো জঙৰ পদৰ অৱনমনক লৈ দেশখনত অধিক উদ্বিগ্নতাই বিৰাজ কৰিছে।