NORTHEAST NOW (Assamese)
Popular Stories

আজি দিল্লীৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ কৰা হ’ব ক’ৰ’না টেষ্ট

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 9, 2020 8:30 am

ক’ৰ’না ভাইৰাছে দেশৰ ৰাজধানী নতুন দিল্লীৰ পৰিস্থিতি অধিক শোচনীয় হৈ পৰাৰ সময়তে আজি মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ শ্বাব টেষ্ট কৰা হ’ব।

মুখ্য মন্ত্ৰী কেজৰিৱালৰ দেহত ক’ৰ’নাৰ দৰে লক্ষণে দেখা দিয়াত তেওঁ নিজে আইছ’লেশ্যনত যোৱাৰ সিদ্ধান্ত লয়।

আজি তেওঁৰ ক’ৰ’না টেষ্ট কৰা হ’ব।

জানিব পৰা মতে, যোৱা দেওবাৰৰ পৰা কেজৰিৱালৰ শাৰিৰীক অৱস্থাৰ অৱনতি ঘটে। কাঁহ আৰু জ্বৰত আক্ৰান্ত হোৱা বাবেই তেওঁৰ আজি টেষ্ট কৰা হ’ব।

কেজৰিৱালৰ অসুস্থতাৰ কথা বিয়পি পৰাত দেশৰ লগতে দিল্লীৰ কেইবাগৰাকীও নেতাই তেওঁৰ সুস্বাস্থ্য কামনা কৰিছে।

কেজৰিৱাল অতি শীঘ্ৰে সুস্থ হোৱাটো কামনা কৰিছে দিল্লী বিজেপিৰ নৱনিযুক্ত অধ্যক্ষ আদেশ গুপ্তা আৰু পুৰণি বন্ধু কুমাৰ বিশ্বাসে।

কেজৰিৱালে নিজৰ অসুস্থতাৰ প্ৰতি লক্ষ্য ৰাখি সকলো ধৰণৰ বৈঠক বাতিল কৰাৰ লগতে সকলো দায়িত্ব উপ-মুখ্য মন্ত্ৰী মনীষ চিচোদিয়াক প্ৰদান কৰে।

উল্লেখ্য যে দিল্লীত আক্ৰান্তৰ সংখ্যা ২৯ হাজাৰ অতিক্ৰম কৰাৰ লগতে মৃত্যুৰ সংখ্যাও ৮০০ৰ ওপৰত গৈছে।

দিল্লীত সংক্ৰমণৰ ঘটনা দ্ৰুত গতিত বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি কেজৰিৱাল চৰকাৰে অহা ১৫ দিনৰ ভিতৰত চিকিৎসালয়ৰ বিচনাৰ সংখ্যা দুগুণ বৃদ্ধি কৰাৰ সিদ্ধান্ত লয়।