NORTHEAST NOW (Assamese)
অসম

কৰ’না সংকটৰ মাজতে জনসংখ্যা বৃদ্ধিক লৈ চিন্তিত বিহাৰ চৰকাৰে বিলালে কেইবালাখো কণ্ড’ম

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 9, 2020 8:36 am
sushil_modi_photo_ht_1563538494 new

কৰ’না সংকট চলি থকাৰ মাজতে জনসংখ্যা বৃদ্ধিক লৈ চিন্তিত হৈ পৰিছে বিহাৰ চৰকাৰ।

লকডাউনৰ সময়ত কেইবালাখো প্ৰবাসী শ্ৰমিক ৰাজ্যখনলৈ উভতি আহিছে। তেওঁলোকক ১৪ দিন কোৱাৰেন্টাইনত ৰাখি ঘৰলৈ যাৱলৈ দিয়া হৈছে।

চৰকাৰৰ চিন্তা হৈছে এতিয়া জনসংখ্যা বৃদ্ধি ঘটিব পাৰে আৰু সেয়েহে চৰকাৰে ইয়াৰ উপায় বিচাৰি উলিয়াইছে।

বিহাৰৰ উপ মুখ্য মন্ত্ৰী সুশীল কুমাৰ মোদীয়ে জানিবলৈ দিয়ে যে জনসংখ্যা বৃদ্ধিক লৈ চিন্তিত চৰকাৰে কোৱাৰেন্টাইনত থকাসকলক সুস্বাস্থ্য, যোগ আদিৰ লগতে দক্ষতাৰ প্ৰশিক্ষণ দিয়াৰ উপৰি যোৱাৰ সময়ত তেওঁলোকক পৰিয়াল নিয়ন্ত্ৰণ সম্পৰ্কীয় তথ্যৰ আৰু গৰ্ভনিৰোধক সামগ্ৰীও দিছে।

এপ্ৰিলত ২.১৪ লাখ কণ্ড’মৰ পৰা মে’ত কোৱাৰেন্টাইন চেন্টাৰত বাহিৰৰ পৰা অহা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ পাছত সৰ্বমুঠ ১৫.৩৯লাখ কণ্ড’ম বিতৰণ কৰা হৈছে।

মোদীয়ে কয় যে প্ৰতি দশকতে বিহাৰত জনসংখ্যা ২৫শতাংশ বৃদ্ধি পাই আহিছে।

তেওঁ কয় যে চৰকাৰে কন্যাসকলৰ শিক্ষাত গুৰুত্ব দিয়া, বাল্য বিবাহ নিষিদ্ধ বা আন নিয়ন্ত্ৰণৰ উপায়সমূহ অৱলম্বন কৰি যোৱা এটা দশকত জন্মৰ হাৰ ৪.৩ শতাংশৰ পৰা ৩.২ শতাংশলৈ হ্ৰাস কৰিবলৈ সক্ষম হৈছে।

জনসংখ্যা নিয়ন্ত্ৰণৰ সফলতাৰ বাবে ফ্ৰন্টলাইন আশা কৰ্মী আৰু এএনএমসকলৰ দ্বাৰা কৰ’না সংক্ৰমণৰ বাবে ঘৰে ঘৰে জৰীপ চলোৱাৰ সময়ত ১৪ দিন কোৱাৰেন্টাইনত থাকি ঘৰলৈ যোৱাসকলক পৰিয়াল নিয়ন্ত্ৰণৰ বিষয়ে সজাগ কৰা হৈছে।

আনহাতে, যিসকলৰ প্ৰয়োজন তেওঁলোকক দুপেকেটতকৈ কণ্ড’ম দিয়া হৈছে। উপযুক্ত দম্পতীসকলৰ বাবে এই সময়ছোৱাত প্ৰায় ১১লাখ জৰুৰীকালীন গৰ্ভনিৰোধক পিল বিতৰণ কৰা হৈছে।

উপ মুখ্য মন্ত্ৰীগৰাকীয়ে প্ৰতিটো স্বাস্থ্যকেন্দ্ৰত গৰ্ভ নিৰোধক সামগ্ৰীসমূহ সুলভ কৰিবলৈ নিৰ্দেশ দিছে।