NORTHEAST NOW (Assamese)
অসম

বামুনীমৈদামৰ পিছত গান্ধীবস্তিত উদ্ধাৰ মৃতদেহ

Posted by: জাহ্নৱী বৰুৱা,গুৱাহাটী Updated by: জাহ্নৱী বৰুৱা,গুৱাহাটী April 11, 2022 11:20 am

গুৱাহাটীত এটাৰ পিছত আন এটা চাঞ্চল্যকৰ হত্যাৰ ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

বামুনীমৈদামৰ হত্যাকাণ্ডৰ পাছতেই গান্ধীবস্তি তিনিআলিত উদ্ধাৰ হৈছে এটা মৃতদেহ।

মৃত লোকজনৰ নাম হামিদুল ইছলাম বুলি জানিব পৰা গৈছে।

মৃত হামিদুল ইছলামে কাপোৰৰ ব্যৱসায় কৰিছিল বুলি জানিব পৰা গৈছে।

স্থানীয় লোকৰ ভাষ্য অনুসৰি শেষৰবাৰৰ বাবে বহুতে তেওঁক গান্ধীবস্তি তিনিআলিত গধূলি ৪ বজাত দেখিছিল ।

ঘটনাস্থলীত উপস্থিত হৈছে চানমাৰী আৰক্ষীৰ এটা দল। ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে চানমাৰী আৰক্ষীয়ে।