NORTHEAST NOW (Assamese)

মৰিয়নীৰ নগাধূলীত নাহৰফুটুকী বাঘৰ মৃতদেহ উদ্ধাৰ

December 27, 2020 6:18 pm · নিৰ্মলেন্দু পাঠক

যোৰহাট জিলাৰ মৰিয়নীৰ নগাধূলীত আজি এটা প্ৰাপ্তবয়স্ক নাহৰফুটুকী বাঘৰ মৃতদেহ উদ্ধাৰ হয়।

দুপৰীয়াৰ ভাগত নগাধূলী চাহ বাগিচাত খৰি আনিবলৈ যোৱা লোকে নাহৰফুটুকী বাঘটোৰ মৃতদেহ বাগিচাৰ মাজত প্ৰত্যক্ষ কৰি মৰিয়নীৰ আঞ্চলিক বন বিষয়া কাৰ্য্যলয়ৰ লগত যোগাযোগ কৰে।

স্থানীয় লোকৰ পৰা খবৰ লাভ কৰাৰ পাছতে বনকৰ্মীৰ এটা দলে ঘটনাস্থলীত উপস্থিত হৈ নাহৰফুটুকী বাঘটোৰ মৃতদেহ উদ্ধাৰ কৰি গিৱন বন সংমণ্ডললৈ লৈ যায়৷

আনহাতে, একাংশ প্ৰত্যক্ষদৰ্শীয়ে নাহৰফুটুকী বাঘটোৰ ৰেলৰ খুণ্ডাত মৃত্যু হোৱাৰ সন্দেহ কৰিছে।

উল্লেখ্যযোগ্য যে, কিছু দিনৰ আগতে একেদৰেই একে স্থানত ৰেলৰ খুণ্ডাত এটা হাতী পোৱালিৰ মৃত্যু হৈছিল।

অৱশ্যে এই পৰ্যন্ত নাহৰফুটুকী বাঘটোৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নায়।

আন একাংশ লোকে খাদ্যৰ বাবে অন্য বনৰীয়া জন্তুৰ সৈতে হোৱা কাজিয়াৰ ফলতে নাহৰফুটুকী বাঘটোৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে।

Related News