NORTHEAST NOW (Assamese)

খাদ্যৰ সন্ধানত পথভ্ৰষ্ট পহুৰ জনাঞ্চলত প্ৰৱেশ ,ৰাইজৰ তৎপৰতাত উদ্ধাৰ

November 29, 2021 3:01 pm · কাজী জেইদুল ইছলাম,বিশ্বনাথ

বিশ্বনাথঘাটৰ নিজ বিশ্বনাথত উদ্ধাৰ কৰা হৈছে এটা পহু ।

ধাৰণা কৰা অনুসৰি খাদ্যৰ সন্ধানত পথভ্ৰষ্ট হৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহি প্ৰৱেশ কৰিছিল অঞ্চলটোত ।

আজি পুৱা ৯ মান বজাত নিজ বিশ্বনাথৰ বিশ্বনাথ হাইস্কুলৰ সমীপত পহু টো তাঁৰত আৱদ্ধ হৈ থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে ।

লগে লগে পহুটো স্থানীয় অঞ্চলবাসীয়ে সুকলমে উদ্ধাৰ কৰি বিশ্বনাথ ঘাটস্থিত কেন্দ্ৰীয় বনাঞ্চিক কাৰ্যালয়ক বিষয়টো অৱগত কৰে ।

পৰৱৰ্তী সময়ত পহুটো উদ্ধাৰ কৰাৰ বাবে উপস্থিত হয় বন বিভাগৰ দল ।

ৰাইজৰ তৎপৰতাত সুকলমে উদ্ধাৰ হোৱা পহুটো পৰৱৰ্তী সময়ত বন বিভাগৰ দলে নিৰাপদ স্থানত মুকলি কৰাৰ বাবে উদ্ধাৰ কৰি বনাঞ্চলিক কাৰ্যালয়লৈ লৈ যায় ।

Related News