NORTHEAST NOW (Assamese)

শিৱসাগৰ,চাপৰত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যু বাৰ্ষিকী পালন

March 26, 2022 9:03 pm · পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ,তিলক চন্দ্র প্রসাদ, চাপৰ

আজি সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যু বাৰ্ষিকী ।

১৯৩৮ চনত মহাপ্ৰয়াণ হৈছিল বেজবৰুৱাৰ।

মৃত্যু তিথিত বিয়লি শিৱসাগৰৰ লক্ষ্মীনাথ বেজবৰুৱাৰ বাসগৃহত উপস্থিত হয় যোৰহাটৰ বিধায়ক তথা অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ হীতেন্দ্ৰ নাথ গোস্বামী ।

তেওঁ লক্ষ্মীনাথ বেজবৰুৱাৰ চিতাভষ্মস্থলীত বন্তি প্ৰজ্বলন তথা মাল্যাপৰ্ণেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে বেজবৰুৱাৰ সৃষ্টিৰাজি আৰু স্মৃতি জড়িত সম্পদ সমূহ সংৰক্ষণ কৰাৰ সন্দৰ্ভত লক্ষ্মীনাথ বেজবৰুৱাৰ পৰিনাতি অৰুন্ধতী বেজবৰুৱাৰ সৈতে মত বিনিময় কৰে।

বিশেষকৈ বাসগৃহতে থকা পুথিভঁৰাল পৰিদৰ্শন কৰি সংগৃহীত ৫ হেজাৰো অধিক গ্ৰন্থ আৰু অন্যান্য সম্পদ সমূহ ডিজিটেলাইজ পদ্ধতিৰে কিদৰে সঠিক সংৰক্ষণ কৰিব পাৰি সেই বিষয়ে অসম চৰকাৰক পদক্ষেপ ল’বলৈ অৱগত কৰিব বুলি সদৰি কৰে হীতেন্দ্ৰ নাথ গোস্বামীয়ে।

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতিত ধুবুৰী জিলা সাহিত্য সভাৰ সাহিত্য দিৱস উদযাপন :

ধুবুৰী জিলা সাহিত্য সভাই ” হাউদাৰটাৰী” শাখা সাহিত্য সভাৰ উদ্যোগত শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতিত সাহিত্য দিৱস উদযাপনৰ লগতে হাউদাৰটাৰী শাখা সাহিত্য সভাৰ বিশেষ বাৰ্ষিক অধিবেশন সম্পন্ন কৰে।

 

পুৱা অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে শাখা সভাৰ সভাপতি ৰতিকান্ত দেৱনাথে ।
ইয়াৰ পিছতে ক্ৰমে বন্তি প্ৰজ্বলন ,বেজবৰুৱাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ, শ্ৰদ্ধাঞ্জলি,বৃক্ষৰোপণ আদি অনুষ্ঠান অনুষ্ঠিত কৰা হয়।
পুৱা দহ বজাৰ পৰা অসম সাহিত্য সভাৰ ৰাজ্য ভাষা , মাতৃভাষা উপসমিতিৰ আঞ্চলিক আহ্বায়ক দীপক চৰকাৰৰ সঞ্চালনাত কবিতা পাঠৰ অনুষ্ঠান অনুষ্ঠিত হয় ।

কবিতা পাঠৰ অনুষ্ঠানটোত ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তৰ কবিৰ লগতে গোৱালপাৰা জিলা,ডিব্ৰুগড়,টিংখং ,দুলীয়াজান,বৰপেটা সৰভোগ , নাহৰকটীয়া আদি অঞ্চলৰো যথেষ্ট সংখ্যক কবিয়ে কবিতা পাঠ কৰে ।

দিনৰ ১১.৩০ বজাৰ পৰা বৃহত্তৰ হাউদাৰটাৰী অঞ্চলৰ শিশুসকলৰ অংশ গ্ৰহণেৰে “কুঁহি ” অনুষ্ঠান অনুষ্ঠিত কৰা হয় ।
দিনৰ ১.০০ বজাৰ পৰা ধুবুৰী জিলা সাহিত্য সভাৰ সভাপতি তৰণী কান্ত ৰায়ৰ সভাপতিত্বত সাহিত্য দিৱসৰ মুকলি সভা অনুষ্ঠিত হয় ।

“হাউদাৰটাৰী” অঞ্চলৰ কেবাগৰাকী শিল্পীবৃন্দৰ জৰিয়তে “চিৰ চেনেহী মোৰ ভাষা জননী” গীত পৰিবেশনৰে এই গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানটিৰ শুভাৰম্ভনি কৰা হয়।

সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ধুবুৰী জিলা সাহিত্য সভাৰ সম্পাদক আজাদ আলী আহমেদে ।

সভাখন উদ্বোধন কৰে গোৱালপাৰা জিলা সাহিত্য সভাৰ সম্পাদক জিতুমণি দাসে । সভাত মুখ্য অতিথিৰ আসন অলংকৃত কৰে অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক তথা ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড.উপেন্দ্ৰজিত শৰ্মাই ।

সভাত শলাগৰ শৰাই জ্ঞাপন কৰে শাখা সভাৰ সম্পাদক শুকদেৱ নাথ আৰু জিলা সহকাৰী সম্পাদক বিনয় কুমাৰ নাথে |

Related News