NORTHEAST NOW (Assamese)

GMCHৰ সহ অধ্যাপক তথা চিকিৎসকৰ মৃত্যু : ক’ৰ’ণাত মৃত্যুৰ আশংকা

July 13, 2020 4:29 pm · কল্পজ্যোতি শইকীয়া

সোমবাৰে হঠাত্‍ অসুস্থ হৈ পৰা GMCHৰ সহকাৰী অধ্যাপক তথা চিকিৎসকৰ মৃত্যু হোৱাৰ খবৰ আহিছে।

চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হৈছে ডাঃ জাহান ইকবাল আহমেদ নামৰ GMCHৰ চিকিৎসক তথা সহকাৰী অধ্যাপক আহমেদৰ।

কেইদিনমানৰ পৰা জ্বৰ আৰু কাঁহত আক্ৰান্ত হৈছিল বুলি জানিব পৰা গৈছে।

কালি হঠাৎ তেওঁ শ্বাস প্ৰশ্বাস লোৱাত অসুবিধা হোৱাৰ উপৰিও গুৰুত্বৰভাবে অসুস্থ হৈ পৰাত তেওঁক চিকিৎসালয়লৈ অনা হৈছিল।

কিন্তু তেওঁৰ চিকিৎসালয়লৈ অনাৰ পথতে মৃত্যু হয়।

তেওঁ গুৱাহাটী মেডিকেল কলেজৰ চকু বিভাগৰ সহ অধ্যাপক হিচাপে কৰ্মৰত আছিল।

বৰ্তমানলৈ স্পষ্ট হোৱা নাই যদিও চিকিৎসকজন ক’ৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি আশংকা কৰা হৈছে।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল প্ৰায় ৫০ বছৰ।

Related News