NORTHEAST NOW (Assamese)
Popular Stories

য়েমেনত ভাৰতীয় মহিলা নিমিষা প্ৰিয়াৰ মৃত্যুদণ্ডত স্থগিতাদেশ!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 15, 2025 4:42 pm

য়েমেনৰ কাৰাগাৰত বন্দী হৈ থকা কেৰালাৰ নাৰ্ছ নিমিষা প্ৰিয়াৰ মৃত্যুদণ্ডত স্থগিতাদেশ জাৰি কৰা হৈছে। আজি কিছুসময় পূৰ্বে নিমিষা প্ৰিয়াৰ মৃত্যুদণ্ড স্থগিত হোৱাৰ খবৰ আহি পৰিছে। ১৬ জুলাই বুধবাৰে নিমিষাক মৃত্যুদণ্ড দিয়াৰ কথা আছিল যদিও তেওঁৰ অধিবক্তাই নিশ্চিত কৰিছে যে য়েমেন কৰ্তৃপক্ষই এই সিদ্ধান্ত শেষ মুহূৰ্তত পিছুৱাই দিছে।

এই খবৰে ভাৰতবাসীৰ মাজত আশাৰ সঞ্চাৰ কৰিছে। ভাৰত চৰকাৰকে ধৰি বিভিন্ন দল সংগঠনে নিমিষাৰ প্ৰাণ ৰক্ষা কৰিবলৈ প্ৰচেষ্টা চলাই আছিল। অৱশ্যে নিমিষা প্ৰিয়াৰ মৃত্যুদণ্ড সন্দৰ্ভত নতুন তাৰিখ এতিয়াও ঘোষণা কৰা হোৱা নাই।

উল্লেখ্য যে, কেৰালাৰ পলাক্কাড় জিলাৰ বাসিন্দা নিমিষা প্ৰিয়া। য়েমেনত ব্যৱসায়িক সহযোগী তালাল আব্দো মেহদীক হত্যা কৰাৰ অভিযোগত ২০১৭ চনত গ্ৰেপ্তাৰ হৈছিল নিমিষা প্ৰিয়া। য়েমেনৰ আদালতৰ অনুসৰি যে নিমিষাই ব্যৱসায়িক সহযোগী তালালক এনাস্থেচিয়াৰ বেজী দি হত্যা কৰিছিল আৰু মৃতদেহটো টুকুৰা টুকুৰ কৰি পানীৰ টেংকিত পেলাই দিছিল।