NORTHEAST NOW (Assamese)
Popular Stories

অনৈতিক প্ৰস্তাৱত সন্মতি নিদিয়াৰ বাবেই মনৰ শান্তি কাঢ়ি লৈ গ’ল! পোহৰলৈ আহিছে আত্মহ*ত্যাৰ ১০ দিনৰ পূৰ্বে কলেজলৈ লিখা চিঠি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 15, 2025 4:21 pm

ওড়িশাৰ বালাছ’ৰৰ এগৰাকী ছাত্ৰীয়ে আত্মহত্যা কৰাৰ ঘটনাই এতিয়া ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব ছাত্ৰীগৰাকীয়ে আত্মহননৰ ১০ দিন পূৰ্বে মহাবিদ্যালয়খনলৈ এখন গুৰুত্বপূর্ণ চিঠি লিখি অনৈতিক প্ৰস্তাৱ, মানসিক হাৰাশাস্তি আৰু শাৰীৰিক সম্পৰ্ক স্থাপনৰ প্ৰচেষ্টাৰ বিষয়ে স্পষ্ট অভিযোগ উত্থাপন কৰিছিল। চিঠিত উল্লেখ থাকে, বিভাগটোৰ মুৰব্বী তথা সহকাৰী অধ্যাপকে তেওঁৰ সৈতে একাধিকবাৰ অনৈতিক ব্যৱহাৰ কৰিছে আৰু প্ৰস্তাৱ গ্ৰহণ নকৰাৰ বাবে বিভিন্নভাৱে মানসিক নিপীড়ন চলাইছিল।

চিঠিখনত ছাত্ৰীগৰাকীয়ে স্পষ্টকৈ লিখিছে যে বিগত কেইমাহমানৰ পৰা বি.এড বিভাগৰ মুৰব্বী আৰু সহকাৰী অধ্যাপকজনে অবিৰতভাৱে মানসিক হাৰাশাস্তি কৰি আছে। পৰীক্ষাত ফেইল কৰাৰ ভাবুকি দিছে, মোৰ ব্যক্তিগত তথ্য পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰাৰ ভাবুকি দিছে। তেওঁ বাৰে বাৰে শাৰীৰিক সম্পৰ্ক স্থাপনৰ প্ৰস্তাৱ দি মোক মানসিকভাৱে দিশহাৰা কৰি তুলিছে। শেষত সেয়ে উল্লেখ কৰে মনৰ শান্তি হেৰুৱাই পেলাইছো আত্মহত্যা কৰিবলৈ বাধ্য হৈছোঁ বুলি উল্লেখ কৰে।

চিঠিত তেখেতে অভিযোগ কৰে যে, যদি মহাবিদ্যালয় প্ৰশাসনে বিভাগৰ মুৰব্বীৰ বিৰুদ্ধে ব্যৱস্থা নলয়, তেন্তে তেওঁ আত্মহননৰ পথ বাচি ল’ব। তেওঁৰ মৃত্যুৰ বাবে প্ৰশাসন আৰু বিভাগীয় মুৰব্বী দায়ী হ’ব বুলি তেওঁ আগতেই স্পষ্টকৈ সতর্ক কৰিছিল।

ছাত্ৰীগৰাকীৰ সহপাঠীসকলে জনায় যে তেওঁ ১ জুলাই তাৰিখে এই সম্পৰ্কে ছ’চিয়েল মিডিয়াতো এক পোষ্ট কৰিছিল। ২ জুলাইত কলেজৰ পৰা কোনো ব্যৱস্থা নলোৱাৰ বাবে তেওঁ আত্মহত্যাৰ হুমকি দিছিল। তাৰ পাছতো প্ৰশাসনে কোনো গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা নাছিল।

আৰক্ষীৰ সূত্ৰ অনুসৰি, কলেজ পৰিষৰত এখন অভ্যন্তৰীণ তদন্ত সমিতি গঠন কৰা হৈছিল, যাক ১৫ দিনৰ ভিতৰত তদন্ত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। যদিও তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতো কোনো ব্যক্তিক দোষী বুলি চিহ্নিত কৰা নহ’ল। ছাত্ৰীগৰাকীৰ সহপাঠীসকলে অভিযোগ কৰে যে, তেওঁলোকৰ একাধিক অনুৰোধৰ পিছতো অধ্যক্ষই পদক্ষেপ ল’বলৈ অস্বীকাৰ কৰে।

এই ঘটনাৰ পিছত ছাত্ৰীগৰাকীয়ে গভীৰ হতাশা আৰু ক্ষোভত কলেজৰ অধ্যক্ষৰ কাৰ্যালয়ত গৈ নিজৰ ওপৰত পেট্ৰল ঢালি জুই লগাই দিয়ে। ৪৮ ঘণ্টা ধৰি চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজি শেষত মৃত্যুক আকোঁৱালি লয়।

ছাত্ৰীগাকীৰ মৃত্যুৰ পিছত সমগ্ৰ ওড়িশাত ক্ষোভৰ জুই জ্বলিছে। বিৰোধী দল বিজেডি আৰু কংগ্ৰেছে এই ঘটনাৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰৰ অকৰ্মণ্যতাক দায়ী কৰি ৰাজপথলৈ ওলাই আহিছে। তেওঁলোকৰ দাবী কৰিছে যদি সময়মতে পদক্ষেপ লোৱা হ’লে ছাত্ৰীগৰাকীয়ে জীৱন ত্যাগ নকৰিলেহেঁতেন।