NORTHEAST NOW (Assamese)
অসম

বিশিষ্ট সমাজকৰ্মী, শ্ৰীমন্ত শংকৰ একাডেমী ছ’চাইটিৰ প্ৰতিষ্ঠাপক উপ সভাপতি দেবানন্দ চৌধুৰীৰ দেহাৱসান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 3, 2024 7:43 am

প্ৰয়াত গিৰিজানন্দ চৌধুৰীৰ পুত্ৰ তথা শ্ৰীমন্ত শংকৰ একাডেমী ছ’চাইটিৰ প্ৰতিষ্ঠাপক উপ সভাপতি দেবানন্দ চৌধুৰী (বুবুল)য়ে ২০২৪ চনৰ ২ মাৰ্চ তাৰিখে গুৱাহাটীৰ এপ’ল’ ইন্টাৰনেশ্যনেল হাস্পাতালত শেষ নিশ্বাস ত্যাগ কৰে।

১৯৫০ চনৰ ৫ অক্টোবৰত গুৱাহাটীত জন্মগ্ৰহণ কৰা তেখেতে ডনবস্কো স্কুল গুৱাহাটীত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা আৰম্ভ কৰে। পিছলৈ তেওঁ তেজপুৰত পঢ়া-শুনা সমাপ্ত কৰে।

দেৱানন্দ চৌধুৰীয়েও গুৱাহাটীৰ আজাৰাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয় স্থাপনৰ বাবে শ্ৰীমন্ত শংকৰ একাডেমী ছ’চাইটিক নিজৰ মাটি দান কৰিছিল।

তেওঁৰ কৃষিকৰ্মৰ প্ৰতি অতি আগ্ৰহী আছিল আৰু তেওঁ পামত গৰু, ঘোঁৰা, হাঁহ আদিৰ মাজত এক স্বাচ্ছন্দ্যভৰা জীৱন যাপন কৰিছিল। কুকুৰৰ প্ৰতিও তেওঁৰ বৰ আকৰ্ষণ আছিল আৰু দিছপুৰৰ চৌধুৰী টিলাত থকা নিজৰ ঘৰতো কেইবাটাও কুকুৰ ৰাখিছিল।

প্ৰয়াণৰ সময়ত পৰিয়ালৰ আন বহু সদস্যৰ লগতে তেওঁ পত্নী, দুগৰাকী ভাতৃ, এগৰাকী ভগ্নী আৰু এগৰাকী কন্যাক এৰি থৈ যায়।

আজি বিয়লি অসম সচিবালয়ৰ বিপৰীতে থকা চৌধুৰী টিলাৰ নিজা বাসগৃহত আত্মীয়-স্বজন, বহু বিশিষ্ট ব্যক্তিৰ আৰু ৫ শতাধিক গুণমুগ্ধৰ উপস্থিতি তেখেতৰ নশ্বৰ দেহৰ অন্তিম সংস্কাৰ অনুষ্ঠান সম্পন্ন হয়।