NORTHEAST NOW (Assamese)
অসম

অক্টোবৰত লোৱা হ’ব চিনেমা গৃহ পুনৰ মুকলিৰ সিদ্ধান্ত

Posted by: নৰ্থ ইষ্ট নাও Updated by: নৰ্থ ইষ্ট নাও September 20, 2021 1:57 pm
Cinema Hall Reopen

ক’ভিদৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত দীৰ্ঘ দিন ধৰি বন্ধ হৈ থকা চিনেমা গৃহ সমূহ পুনৰ মুকলি সম্পৰ্কে পৰৱৰ্তী মাহত সিদ্ধান্ত লোৱা হ’ব। দেওবাৰে অসমৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই এই বিষয়ে জানিবলৈ দিয়ে।

সাংবাদিকৰ সৈতে হোৱা মুখামুখিত স্বাস্থ্য মন্ত্ৰী জনে কয় যে চলিত ছেপ্টেম্বৰ মাহৰ ক’ভিদ পৰিস্থিতি লক্ষ্য কৰিহে চিনেমা গৃহ পুনৰ খুলি দিয়াৰ সম্পৰ্কে সিদ্ধান্ত ল’ব পৰা হ’ব।

অৱশ্যে চিনেমা গৃহ সমূহ মুকলি কৰি দিলেও সম্পূৰ্ণ ক’ভিদ নীতি মানি চলিব লাগিব বুলি বক্তব্য কৰে কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই।

উল্লেখ্য যে,দেওবাৰে গোটেই ৰাজ্যজুৰি চিনেমা গৃহৰ কৰ্মচাৰী সকলে চিনেমা গৃহ পুনৰ মুকলিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছিল।

তেওঁলোকে মন্তব্য কৰিছিল যে,ৰাজ্যৰ সকলো ৰাজহুৱা অনুস্থান খুলি দিয়াৰ পাছত চিনেমা গৃহ সমূহ বন্ধ কৰি ৰখাৰ কোনো যুক্তি নাই।

স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে লগতে ক’ভিদ সংক্ৰমণৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি আগন্তুক দুৰ্গা পূজাৰ সময়ত ক’ভিদৰ বাবে বাহাল থকা কাৰ্ফিউ শিথিল কৰাৰ সম্ভাৱনাও ব্যক্ত কৰে।