NORTHEAST NOW (Assamese)
অসম

কামাখ্যা নগৰত চাঞ্চল্যকৰ ঘটনা! শোৱনি কোঠাত অগ্নিদগ্ধ হৈ মৃত্যু মাতৃ-কন্যাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 24, 2025 10:02 am

কামাখ্যা নগৰত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা। শোৱনি কোঠাত অগ্নিদগ্ধ হৈ প্ৰাণ হেৰুৱলে মাতৃ-কন্যাই ।

জনিব পৰা মতে এই ঘটনাত শৰ্মিষ্ঠা চক্ৰৱৰ্তী আৰু তেওঁৰ কন্যা দীপশিখা চক্ৰৱৰ্তীয়ে এই ঘটনাত প্ৰাণ হেৰুৱাইছে। প্ৰাথমিক তদন্তত শ্বৰ্ট-চাৰ্কিটৰ ফলত বাসগৃহত অগ্নি কাণ্ড সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে।

ঘটনাৰ পৰিপ্রেক্ষিতত মাতৃ-কন্যাক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও মৃত্যুক আকোৱালি ল’লে মাতৃ-কন্যাই। এই ঘটনাই কামাখ্যা নগৰত চাঞ্চল্য সৃষ্টি কৰিছে। এই সমগ্ৰ ঘটনাই অঞ্চলটোত এতিয়া শোকৰ ছা পেলাইছে। ইতিমধ্যে  আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে বুলি জনিব পৰা গৈছে।