NORTHEAST NOW (Assamese)
অসম

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী ৰাইজৰ দলৰ

Posted by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী July 24, 2025 12:16 pm
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী ৰাইজৰ দলৰ

অসমত এক কোটি বাংলাদেশী মুছলমান আছে বুলি কোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থকাৰ নৈতিক অধিকাৰ হেৰুৱাই পেলাইছে। অতি শীঘ্ৰে মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব লাগে।

এই দাবী ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক তথা মুখপাত্ৰ আশ্ৰাফুল ইছলামৰ।

বিজেপি চৰকাৰে অসমৰ বিদেশী সমস্যাৰ স্থায়ী সমাধানৰ বাবে উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত হোৱা NRC ৰ কামটোও শুদ্ধকৈ সম্পূৰ্ণ কৰাৰ সাহস কিয় দেখুওৱাব পৰা নাই বুলিও প্ৰশ্ন কৰে ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক তথা মুখপাত্ৰ আশ্ৰাফুল ইছলামে।

মৌলিক সমস্যাবোৰৰ পৰা জনগণৰ দৃষ্টি আঁতৰাই ৰাখি অমানৱীয় উচ্ছেদ আৰু বিদেশী সমস্যাৰ নামত ধৰ্মীয় উন্মাদনা আৰু সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰি হিমন্ত বিশ্ব শৰ্মাই ২০২৬ৰ নিৰ্বাচনী বৈতৰনী পাৰ কৰিব বিচাৰিছে বুলিও বিস্ফোৰক অভিযোগ উত্থাপন কৰে ৰাইজৰ দলৰ নেতাগৰাকীয়ে।