NORTHEAST NOW (Assamese)

চাহাৰৰ হেট্ৰিকসহ ৬ উইকেটৰ বিধ্বংসী বলিঙেৰে বাংলাদেশক তচনচ টিম ইণ্ডিয়াৰ

November 11, 2019 9:13 am · এন ই নাও নিউজ

পেচ বলাৰ দীপক চাহাৰৰ দুৰ্দান্ত বলিঙৰ সহায়ত ভাৰতে বাংলাদেশক তৃতীয় তথা অন্তিমখন টী-২০ মেচত ৩০ ৰানত পৰাস্ত কৰি ৩ খনীয়া টী-২০ শৃংখলাটো ২-১ত দখল কৰে।

শৃংখলাৰ নিৰ্ণায়ক মেচখনত ভাৰতৰ হৈ দীপক চাহাৰে মাত্ৰ ৭ ৰানৰ বিনিময়ত হেট্ৰিকসহ ৬টা উইকেট দখল কৰে। ইয়াৰ লগে লগে টি-২০ ইণ্টাৰনেশ্যনলত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়োৱা বলাৰত পৰিগণিত হ’ল দীপক।

ইয়াৰ উপৰি ইণ্টাৰনেশ্যনল টি-২০ত হেট্ৰিক অৰ্জন কৰা চাহাৰেই হ’ল প্ৰথমগৰাকী ভাৰতীয় বলাৰ। তদুপৰি তেওঁ এখন মেচত পাঁচটা বা তাতকৈ অধিক উইকেট দখল কৰা চতুৰ্থগৰাকী ভাৰতীয় বলাৰ হিচাপেও স্বীকৃতি লাভ কৰিলে।

‘মেন অৱ দ্যা মেচ’ আৰু ‘মেন অৱ দ্যা ছিৰিজ’ লাভ কৰা চাহাৰে ৩.২ অ’ভাৰত ৭ ৰান খৰচ কৰি হেট্ৰিক সহ ৬টা উইকেট অৰ্জনেৰে এই বিৰল কৃতিত্বৰ অধিকাৰী হয়।

দেওবাৰে নাগপুৰত অনুষ্ঠিত মেচখনত ভাৰতে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ২০ অভাৰত ১৭৫ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল বাংলাদেশক। ভাৰতৰ হৈ শ্ৰেয়াচ আয়াৰে ৬২ (প্ৰথম অৰ্ধ শতক) আৰু ৰাহুলে ৫২ ৰানৰ ইনিংছ খেলে।

বাংলাদেশৰ হৈ একমাত্ৰ নইমে দৃঢ়তাপূৰ্ণ বেটিং কৰি ৮১ ৰানৰ এক সুন্দৰ ইনিংছ খেলে। তেওঁৰ বাহিৰে কোনো এজন বেটছমেনে ভাৰতীয় বলাৰৰ সন্মুখত ধৈৰ্য্য সহকাৰে তিষ্ঠি থাকিব নোৱাৰিলে আৰু ১৯.২ অভাৰত ১৪৪ ৰানত অল আউট হয়।

দীপক চাহাৰৰ উপৰি ভাৰতৰ হৈ শিৱম ডুবেই তিনিটা আৰু চাহালে এটা উইকেট লাভ কৰে।

Related News