NORTHEAST NOW (Assamese)

মাজনিশা ৰেষ্টুৰেণ্টৰ পৰা ওলাই অহা দীপিকা পাডুকনৰ অৱস্থা কি কৰিলে অনুৰাগীয়ে, চাওঁক ভিডিঅ’

February 26, 2021 2:59 pm · এন ই নাও নিউজ

যোৱা নিশা মুম্বাইৰ খাৰ অঞ্চলত থকা এখন ৰেষ্টুৰেণ্টৰ পৰা ওলাই আহিছিল বলীউডৰ নায়িকা দীপিকা পাডুকন।

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত বলীউডৰ ড্ৰাগছ কাণ্ডৰ সৈতে জৰিত হৈ পৰা দীপিকা পাডুকনে বিগত কিছুদিন ধৰি জনসমাগমৰ পৰা নিলগত আছিল যদিও যোৱা নিশা তেওঁ মুম্বইৰ খাৰ অঞ্চলৰ ৰেষ্টুনৰেণ্ট খনলৈ গৈছিল।

মাজনিশা ৰেষ্টিুৰেণ্টৰ পৰা ঘৰলৈ উভতিবলৈ লওতেই ৰেষ্টুৰেণ্টৰ দুৰ মুখতে অনুৰাগীয়ে হেঁচা মাৰি ধৰে দীপিকাক।

একাংশ অনুৰাগীয়ে দীপিকাক টনা-আজোৰা কৰিবলৈ চেষ্টা চলোৱাৰ লগতে কোনো এগৰাকী অনুৰাগীয়ে দীপিকাৰ বেগ খন টানি নিয়াৰ চেষ্টা চলায়।

অৱশ্যে দীপিকাৰ লগত যোৱা লোক সকলৰ চেষ্টাত বেগ খন অনুৰাগীয়ে টানি নিব নোৱাৰিলে।

 

View this post on Instagram

 

A post shared by Viral Bhayani (@viralbhayani)

ইয়াৰ পিছতে অনুৰাগীৰ ভিৰ ঠেলি দীপিকাই খৰ খোজেৰে গৈ নিজৰ গাড়ীত উঠে।

ৰেষ্টুৰেণ্টৰ বাহিৰত অনুৰাগীৰ কৱলত পৰা দীপিকাৰ এই ভিডিঅ’ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে নেটিজেনসকলে বিভিন্ন মন্তব্য কৰা পৰিলক্ষিত হৈছে।

বলীউডৰ ড্ৰাগছ কাণ্ডত নাৰকোটিক্সৰ চমন পোৱা দীপিকাক উদ্দেশ্যি বহুতে এই বুলি লিখিছে যে নিশালৈকে মদ খাই তেওঁ খোজ কাঢ়িব নোৱাৰা হৈ পৰিছে।

সেয়ে লগত যোৱা কেইজনে তেওঁক ধৰি আনিবলগীয়া হৈছে ইত্যাদি কথা।

উল্লেখ্য লকডাউনৰ পিছৰে পৰা বলীউডৰ মাদক কাণ্ডত জৰিত হৈ পৰা দীপিকাই কোনো নতুন ছবিৰ বাবে শ্বুটিং কৰা নাই।

শেহতীয়াকৈ তেওঁ শাহৰুখ খানৰ পাঠান ছবিৰ বাবে শ্বুটিং কৰিব বুলি জানিব পৰা গৈছে।

Related News