NORTHEAST NOW (Assamese)

সন্তান আদৰিবলৈ সাজু হৈছে দীপিকা-ৰণবীৰঃ ছেপ্টেম্বৰতে আহিব আশাৰ বতৰা

February 29, 2024 5:39 pm · এন ই নাও নিউজ, গুৱাহাটী

বলীউডৰ তাৰকা দম্পতী দীপিকা পাডুকন আৰু ৰণবীৰ সিঙৰ সংসাৰলৈ শীঘ্ৰেই আহিব প্ৰথম সন্তান। তাৰকা দম্পতীহালে ঘোষণা কৰিছে সন্তান আগমণৰ বতৰা।

প্ৰকাশিত খবৰ অনুসৰি, চলিত বৰ্ষৰে ছেপ্টেম্বৰ মাহত পিতৃত্ব-মাতৃত্ব অৰ্জন কৰিব দীপিকা আৰু ৰণবীৰে। আজি অভিনেতা দম্পতীহালে গৰ্ভধাৰণৰ কথা ঘোষণা কৰি এটা পোষ্ট শ্বেয়াৰ কৰে।

সঞ্জয় লীলা ভাঞ্চালীৰ ‘গলিয়ন কি ৰাসলীলা ৰাম-লীলা’ ছবিৰ চেটত প্ৰ্থমবাৰ একেলগে কাম কৰিছিল দীপিকা পাডুকন আৰু ৰণবীৰ সিঙে। ইয়াৰ পিছতে ক্ৰমাৎ দুয়োৰে মাজত গঢ়ি উঠে প্ৰেমৰ সম্পৰ্ক।

পাঁচ বছৰীয়া প্ৰেমৰ সম্পৰ্কৰ অন্তত ২০১৮ চনৰ নৱেম্বৰ মাহত দুয়ো বিবাহপাশত আবদ্ধ হৈছিল। দুয়োৰে মাজৰ গাঢ় সম্পৰ্কই ইয়াৰ পিছৰে পৰা ব্যাপক চৰ্চাৰ বিষয় হৈ আহিছে।

উল্লেখ্য যে শেহতীয়াকৈ দীপিকা পাডুকনক সন্তানৰ বিষয়ে এক প্ৰশ্ন কৰা হৈছিল। এই প্ৰশ্নৰ উত্তৰত দীপিকাই কয়, “ৰণবীৰ আৰু মই শিশু ভাল পাওঁ। আমি সেই দিনটোলৈ আগ্ৰহেৰে বাট চাইছো, যেতিয়া আমি নিজৰ পৰিয়ালটো গঢ়িম।”

Related News