NORTHEAST NOW (Assamese)

ধোনীৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিলে প্ৰাক্তন ব্যৱসায়িক বন্ধুৱে

January 17, 2024 11:26 am · এন ই নাও নিউজ, গুৱাহাটী
মহেন্দ্ৰ সিং ধোনী আৰু মিহিৰ দিবাকৰ।

পুনৰ বিতৰ্কত টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক `কেপ্টেইন কুল’ মহেন্দ্ৰ সিং ধোনী। মিহিৰ দিবাকৰ আৰু তেওঁৰ পত্নী সৌম্য দাসে ধোনীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছে।

গোচৰটো দিল্লী উচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছে। ১৮ জানুৱাৰীত অধিবক্তা প্ৰতিভা এম সিঙৰ আদালতত শুনানি গ্ৰহণ কৰা হ’ব এই গোচৰৰ।

দহ দিন পূৰ্বে প্ৰাক্তন অধিনায়কগৰাকীয়ে শৈশৱৰ বন্ধু তথা ব্যৱসায়িক সহযোগী মিহিৰ দিৱাকৰৰ বিৰুদ্ধে ১৫ কোটি টকাৰ জালিয়াতিৰ গোচৰ ৰুজু কৰিছিল।

লগতে পঢ়কঃ পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি; ৰিখটাৰ স্কেলত ৩.৫ প্ৰাবল্য, গুৱাহাটীতো অনুভুত কম্পন

তেওঁলোকে ধোনীৰ নামেৰে এখন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমী নিৰ্মাণৰ প্ৰস্তাৱ দিছিল। ২০১৭ চনত সংশ্লিষ্ট কোম্পানীটোৱে তেওঁৰ সৈতে চুক্তিবদ্ধ হয়। কিন্তু মিহিৰ দিবাকৰে চুক্তিৰ চৰ্ত মানি চলিব নোৱাৰিলে।

চুক্তি অনুসৰি ধোনীক ফ্ৰেঞ্চাইজি মাচুল আৰু কোম্পানীটোৰ লাভৰ এটা অংশ দিয়াৰ কথা  আছিল। কিন্তু দিয়া নহ’ল। ৬ জানুৱাৰীত ধোনীৰ অধিবক্তা দয়ানন্দ শৰ্মাই সংবাদমেলযোগে এই অভিযোগ উত্থাপন কৰিছিল।

লগতে পঢ়কঃ Nuclear Battery: এবাৰ চাৰ্জ দিলে ৫০ বছৰ চলিব! নতুন এই বেটাৰীয়ে স্তম্ভিত কৰি তুলিছে বিশ্বক

এই খবৰটো সকলো ছ’চিয়েল মিডিয়াতে প্ৰকাশ পাইছিল। গোচৰটোত দিৱাকৰে নেট মাধ্যমৰ পৰা সেই সকলোবোৰ ডিলিট কৰিবলৈ আবেদন জনায়। 

Related News