NORTHEAST NOW (Assamese)
অৰুণাচল

অৰুণাচলত ৰণ-কৌশলগতভাৱে গুৰুত্বপূৰ্ণ দলং উন্মোচন প্ৰতিৰক্ষা মন্ত্ৰীৰ

Posted by: অভিক চক্ৰবৰ্তী Updated by: অভিক চক্ৰবৰ্তী January 18, 2019 4:08 pm
19-04-18-Chabua-Union-Defense-Minister-Niemala-Sitharaman-visit-5-768x414

অৰুণাচলত আন্তৰ্গাঁথনি উন্নয়ন কৰাক লৈ চুবুৰীয়া ৰাষ্ট্ৰ চীনে ইয়াৰ বিৰুদ্ধে সোচ্চাৰ হৈ অহাৰ সময়তেই মোডীৰ নেতৃত্বাধীন এনডিএ কেন্দ্ৰীয় চৰকাৰে চীন সীমান্তত অৱস্থিত অৰুণাচলত আন্তৰ্গাঁথনি গঢ়ি তোলাৰ বাবে বদ্ধপৰিকৰ যেন দেখা গৈছে।

আজি ১৮ জানুৱাৰি শুকুৰবাৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমনে অৰুণাচলৰ ডিফো নদীত ৰণনীতিমূলভাৱে গুৰুত্বপূৰ্ণ এখন দলং উন্মোচন কৰে। ৰাজ্যখনৰ নামনি দিবং উপত্যকা জিলাৰ ৰয়িঙৰ পৰা ২৫ কিঃংইঃ দূৰত ৰয়িং-কৰোনো-পায়া পথত এই দলংখন নিৰ্মাণ কৰা হৈছে।

এই দলংখনে অৰুণাচলৰ নামনি দিবাং জিলা আৰু লোহিত জিলাক সংযোগ কৰিছে।

এই দলংখন নিৰ্মাণ হোৱাৰ ফলত দলংখনেৰে দিবাং উপত্যকাত সেনাৰ দ্ৰত সঞ্চালন কৰি সেনা সংখ্যা বৃদ্ধি কৰা, লং ৰেঞ্জ ভেক্টৰসমূহ (long range vectors)  পৰিবহণ কৰাত সহায়ক হ’ব।

ইয়াৰ ফলত অতি কম সময়ৰ ভিতৰতেই দিবাং, দালাই আৰু লোহিত জিলাৰ মাজত সৈন্য বাহিনী প্ৰেৰণ কৰা আৰু অপসাৰণ কৰাতো সম্ভৱপৰ হৈ পৰিব।

ইয়াৰ উপৰি, এই দলংখনে নামনি দিবাং উপত্যকা, নামছাই আৰু লোহিত জিলাৰ বজাৰলৈ স্থানীয়বাৱে উৎপাদিত সতেজ সামগ্ৰী আৰু মানুহৰ যাতায়াত সম্ভৱপৰ কৰি তুলিব। ইয়াৰ ফলত গ্ৰাম্য অৰ্থনীতি উন্নতি হ’ব।

উল্লেখ্য যে ৫০ কোটি টকা ব্যয়সাপেক্ষে সীমা পথ সংস্থাই (Border Roads Organisation) এই দলংখন নিৰ্মাণ কৰি উলিয়াইছে।