NORTHEAST NOW (Assamese)
অসম

দিল্লীৰ কেৱল অসমৰ সম্পদৰ ওপৰত চকু, সমস্যাৰ ওপৰত আন্তৰিকতা নাই : সমুজ্জ্বল ভট্টাচাৰ্য

Posted by: কাজি জেইদুল ইছলাম Updated by: কাজি জেইদুল ইছলাম July 16, 2019 8:17 am

অসমত বানে ক্ৰমাৎ সংহাৰী ৰূপ ধাৰণ কৰিছে। বানৰ কবলত ৰাজ্যৰ হাজাৰ হাজাৰ পৰিয়ালে ককবকাই থকাৰ লগতে এতিয়ালৈকে ১৩ জনকৈ লোকৰ মৃত্যু হোৱাৰ পিছতো কেন্দ্ৰীয় চৰকাৰৰ পৰা এইপৰ্য্যন্ত অহা নাই কোনো সঁহাৰি।

কেন্দ্ৰৰ এই নিষ্ক্ৰিয় ভূমিকাক সমালোচনা কৰি অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই, ‘দিল্লীৰ কেৱল অসমৰ সম্পদৰ ওপৰত চকু,  অসমৰ সমস্যাৰ ওপৰত আন্তৰিকতা নাই’ বুলি কৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

যোৱা নিশা এন আৰ চিৰ লগতে বিশ্বনাথৰ বান পৰিস্থিতি সন্দৰ্ভত বিশ্বনাথ জিলা উপায়ুক্ত আৰু আছুৰ প্ৰতিনিধিবৰ্গৰ মাজত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ আলোচনাৰ পিছত সাংবাদিকৰ আগত ভট্টাচাৰ্যই এইদৰে কয়।

তেওঁ লগতে কয়, ‘যিদৰে কংগ্ৰেছ চৰকাৰৰ দিনত কেৱল ৰঙীণ পোষ্টাৰত অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা বুলি ঘোষণা কৰি কাৰ্যকৰী নকৰাকৈ সামৰণি মাৰিলে ঠিক একেদৰে বিজেপি চৰকাৰেও অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাত অৱহেলা কৰি আহিছে।

ভট্টাচাৰ্যই বৰ্তমানৰ কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰক এইক্ষেত্ৰত আৰু অধিক পলম নকৰি অতি সোনকালে অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ দাবী জনায়।