NORTHEAST NOW (Assamese)
অসম

চিকিৎসকৰ অভাৱত ভূগিছে দিল্লী এইমছ! স্থায়ী সমিতিৰ প্ৰতিবেদনে উদঙাইছে স্বৰূপ

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী March 18, 2025 12:49 pm

এইমছ দিল্লী দেশৰ এক নম্বৰ চৰকাৰী চিকিৎসালয় হিচাপে পৰিচিত। কিন্তু তাতেই দেখা গৈছে যে ক্ৰমে প্ৰায় ১৬% আৰু ৩৫% ডাক্তৰ আৰু চিকিৎসক-অধ্যাপকৰ পদ খালী! সংখ্যাৰ হিচাপত অনুমোদিত পদৰ তুলনাত ৪৩০ জন সাধাৰণ চিকিৎসক আৰু ২১০৯ জন অধ্যাপক-চিকিৎসকৰ নাটনি হৈছে। ইয়াৰ ফলত চিকিৎসা সেৱাৰ লগতে স্নাতক, স্নাতকোত্তৰ আৰু পোষ্ট ডক্টৰেল অধ্যনৰ ওপৰতো নেতিবাচক প্ৰভাৱ পৰিছে।

স্বাস্থ্য সম্পৰ্কীয় সংসদীয় স্থায়ী সমিতিখনে এক প্ৰকাৰে এই বিষয়ত কেন্দ্ৰক প্ৰতিবেদন দাখিল কৰি স্বাস্থ্য মন্ত্ৰালয়ক সমালোচনা কৰিছে। প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে কেৱল জ্যেষ্ঠ চিকিৎসক আৰু অধ্যাপকৰ পদতেই নহয়, কনিষ্ঠ চিকিৎসকৰ পদতো যথেষ্ট নাটনি হৈছে। ফলত ইন্দোৰ সেৱাত ব্যাঘাত জন্মিছে।

স্থায়ী সমিতিৰ প্ৰতিবেদনত কোৱা হৈছে যে জ্যেষ্ঠ আৱাসী পদৰ বাবে ৪৩৪ (৩৭%) আৰু কনিষ্ঠ আৱাসী পদৰ বাবে ১১৩ (৪৭%) পদ খালী আছে। দেশৰ অন্যান্য এইমছ চিকিৎসালয়সমূহৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰতো কমিটীয়ে চিনাক্ত কৰে।

ইতিমধ্যে কাৰ্যক্ষম হৈ থকা ২০খন এইমছ আৰু নিৰ্মাণাধীন ৬খন এইমছৰ আন্তঃগাঁথনিৰ উন্নতিৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ পৰামৰ্শ দিয়া হৈছে প্ৰতিবেদনত। স্বাস্থ্য সম্পৰ্কীয় সংসদীয় স্থায়ী সমিতিয়ে খালী পদক লৈ বিশেষ উদ্বেগ প্ৰকাশ কৰিছে।

কমিটীয়ে নিজৰ প্ৰতিবেদনত উল্লেখ কৰিছে যে খালী পদৰ বাবে দিল্লী এইমছত ৰোগীৰ দীঘলীয়া শাৰী আৰু ‘ৱেইটিং টাইম’ অতি বিৰক্তিকৰ হৈ পৰিছে। গুৰুতৰভাৱে অসুস্থ, আনকি সংকটজনক ৰোগীয়েও সময়মতে চিকিৎসা সেৱা লাভ কৰা নাই। সেয়েহে দিল্লীৰ বাহিৰত ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত আন এখন এইমছ খোলাৰ প্ৰস্তাৱ সমিতিখনে আগবঢ়াইছে। মূল দিল্লী এইমছক স্বয়ংসম্পূৰ্ণ চিকিৎসা বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।