NORTHEAST NOW (Assamese)

‍‘আপ’ৰ বিৰুদ্ধে ‍‘জন আন্দোলন’ত অংশ ল’বলৈ আন্না হাজাৰেক অনুৰোধ দিল্লী বিজেপিৰ

August 25, 2020 1:43 pm · এন ই নাও নিউজ
Updated: August 25, 2020 2:10 pm

দেশৰ ৰাজধানী দিল্লীৰ আম আদমি পাৰ্টি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে বিজেপিৰ ‍‘জন আন্দোলন‍’ত অংশ লোৱাৰ বাবে সমাজকৰ্মী আন্না হাজাৰেক অনুৰোধ জনাইছে দিল্লী বিজেপিৰ অধ্যক্ষ আদেশ গুপ্তাই।

সোমবাৰে আন্না হাজাৰেক এখন পত্ৰৰ জৰিয়তে অনুৰোধ জনায়।

পত্ৰখনত গুপ্তাই কয় যে সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক দুৰ্নীতিৰ আন এটা নাম হ’ল ‍‘আপ’।

পত্ৰখনত আন এক অভিযোগ উত্থাপন কৰি কয় যে যোৱা ফেব্ৰুৱাৰিত উত্তৰ-পূব দিল্লীত হোৱা সংঘৰ্ষও আপৰ নিৰ্দেশত হৈছিল য’ত ৫৩ গৰাকীকৈ লোক নিহত হ’বলগীয়া হৈছিল।

দিল্লী বিজেপিৰ সভাপতিগৰাকীয়ে পত্ৰত লিখে, ‍‘আপোনাৰ নাম লৈ একাংশই আম আদমি পাৰ্টি গঠন কৰিছিল। স্বচ্ছ আৰু নিকা ৰাজনীতিৰ নাম লৈ চৰকাৰ কৰা আম আদমি পাৰ্টিয়ে ৰাজনীতিৰ সকলো নীতি-আদৰ্শক জলাঞ্জলি দিছে’।

আম আদমি পাৰ্টিৰ বিৰুদ্ধে বিজেপিয়ে উত্থাপন কৰা এনে অভিযোগ সন্দৰ্ভত এই পৰ্যন্ত দলটোৰ কোনো এজন নেতাই স্পষ্টীকৰণ প্ৰদান কৰা নাই।

গুপ্তাই আম আদমি পাৰ্টি মহিলাৰ বিৰোধী বুলি উল্লখ কৰি কয়, ‍‘আপে সাম্প্ৰদায়িক সংঘৰ্ষেৰে দিল্লীবাসীক মৃত্যুৰ মুখলৈ ঠেলি দিছে। তেওঁলোক দিল্লীত থকাৰ কোনো অধিকাৰ নাই’।

উল্লেখ্য যে ২০১১ চনত আন্না হাজাৰেৰ নেতৃত্বত দিল্লীৰ ৰামলীলা ময়দানত দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে চলা আন্দোলনত অৰবিন্দ কেজৰিৱালে সক্ৰিয় ভুমিকা গ্ৰহণ কৰিছিল।

এই আন্দোলনৰ পিছতে অৰবিন্দ কেজৰিৱালে সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰি আম আদমি পাৰ্টি নামৰ দল গঠন কৰে আৰু দিল্লীত তেওঁৰ নেতৃত্বত চৰকাৰ গঠন কৰবিলৈ সক্ষম হয়।

ইয়াৰ উপৰি পঞ্জাৱত এতিয়া আপ প্ৰধান বিৰোধী ৰাজনৈতিক দল।

Related News