NORTHEAST NOW (Assamese)

IPL 2024: দিল্লীৰ সন্মুখত অসহায় আত্মসমৰ্পণ গুজৰাটৰ! আহমেদাবাদত টাইটানছৰ বিৰুদ্ধে সহজ জয় কেপিটেলছৰ

April 18, 2024 8:04 am · এন ই নাও নিউজ, গুৱাহাটী

স্কোৰবোৰ্ডত মাত্ৰ ৮৯ ৰান। দিল্লী কেপিটেলছৰ বিৰুদ্ধে গুজৰাট টাইটানছে ১০০ ৰানতকৈও কম ৰানতে অল আউট হয়৷ ঘৰুৱা খেলপথাৰতে বিধ্ৱস্ত হৈ পৰিল শুভমন গিল বাহিনী। মাত্ৰ ৯০ ৰানৰ লক্ষ্য সহজেই অতিক্ৰম কৰিলে দিল্লী কেপিটেলছে। বৃহৎ ব্যৱধানত মেচখনত জয়লাভ কৰি ঋষভ পন্থৰ দলটোৱে পইণ্ট তালিকাত বহুখিনি ওপৰলৈ উঠিল।

চলিত আই পি এলত দুয়োটা দলৰ ফৰ্ম বৰ ভাল নহয়। অৱশ্যে পূৰ্বৰ খেলৰ পৰা দুই পইণ্টকৈ লাভ কৰাৰ পিছত বুধবাৰে খেলপথাৰত নামিছিল দিল্লী আৰু গুজৰাট। টছত জয়ী হৈ আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত বলিং কৰাৰ সিদ্ধান্ত লয় পন্থে। প্ৰথম অভাৰৰ পৰাই দিল্লীৰ বলিঙৰ সন্মুখত দিশহাৰা হৈ পৰিছিল ছাই সুদৰ্শনহঁতে। গুজৰাটৰ ইনিংছ ২০ অভাৰো টিকিব পৰা নাছিল।

ইনিংছৰ দ্বিতীয় অভাৰত গুজৰাটৰ অধিনায়ক শুভমন আউট হয়। দুটা অভাৰৰ ভিতৰত পেভিলিয়নমুখী হয় ঋদ্ধিমান সাহা। পাৱাৰ প্লে’ত চাৰিটা উইকেট হেৰুৱাই শলঠেকত পৰে গুজৰাটৰ বেটিং অৰ্ডাৰ।

বেটছমেন শ্বাহৰুখ খানক ইমপেক্ট প্লেয়াৰ হিচাপে নমাইছিল টীম মেনেজমেন্টে। সেইটোৱেও বেটিং বিপৰ্যয় ৰোধ কৰিব নোৱাৰিলে। অৱশ্যে দুৰ্যোগৰ মাজতো  অকলে যুঁজিছিল ৰছিদ খানে। আফগান বেটাৰৰ পৰা আহে মূল্যৱান ৩১ ৰান।

অৱশেষত গুজৰাটে ১৭.৩ অভাৰত মাত্ৰ ৮৯ ৰান সংগ্ৰহ কৰি অল আউট হয়।  দিল্লীৰ মুকেশ কুমাৰ দিনটোৰ সবাতোকৈ সফল বলাৰ হিচাপে পৰিগণিত হয়। মাত্ৰ ২.৩ অভাৰত ১৪ ৰান দি মুকেশে তিনিটা উইকেট দখল কৰে।

ইপিনে, ৯০ ৰানৰ সহজ লক্ষ্য খেদি দিল্লীয়ে বিশেষ সমস্যাৰ সন্মুখীন হ’বলগীয়া হোৱা নাছিল। জেক ফ্ৰেজাৰে প্ৰথম অভাৰত ১২ ৰান সংগ্ৰহ কৰি চাপ লাঘৱ কৰে। অৱশ্যে আগ্ৰাসী মুডত ৰান সংগ্ৰহ কৰাৰ সমান্তৰালকৈ দিল্লীৰ কেইজন বেটছমেনে উইকেট নিক্ষেপ কৰি উভতি আহে।

কিন্তু অৱশেষত পন্থৰ মুখতেই ফুটি উঠিল বিজয়ৰ হাঁহি। ক্ৰীজৰ পৰা দলটোক জয় কৰাই উভতি আহিছিল অধিনায়কগৰাকী। দিল্লীয়ে ৬৭টা বল বাকী থকা অৱস্থাত জয়লাভ কৰি পইণ্ট তালিকাৰো উন্নতি সাধন কৰে। পন্থ বাহিনীয়ে ৯ নম্বৰৰ পৰা পোনে পোনে ষষ্ঠ স্থানলৈ উঠি আহে।

সংক্ষিপ্ত স্কোৰঃ

গুজৰাট টাইটানছঃ ৮৯ (ৰছিদ ৩১, মুকেশ ৩/১৪)

দিল্লী কেপিটেলছ: ৯২/৪ (ফ্ৰেজাৰ ২০, হোপ ১৯, সন্দীপ ২/৪০)

৬ উইকেটত জয়লাভ কৰে দিল্লীয়ে।

Related News