NORTHEAST NOW (Assamese)
Popular Stories

ক’ভিডত পিতৃ-মাতৃক হেৰুওৱা শিশুৰ শিক্ষা-দীক্ষাৰ দায়িত্ব ল’ব দিল্লী চৰকাৰে, কেজৰিৱালৰ ঘোষণা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 15, 2021 11:23 am

যিসকল শিশুৰ পিতৃ-মাতৃ ক’ভিডত আক্ৰান্ত হৈ মৃত্যুমুকত পৰিছে, সেই শিশুসকলৰ পঢ়া-শুনা আৰু অন্যান্য দায়িত্ব ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব।

এই ঘোষণা কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।

এটা ৱেবকাষ্টযোগে মুখ্যমন্ত্ৰীজনে কয় যে বহু শিশুৱে পিতৃ-মাতৃক হেৰুৱাইছে আৰু তেওঁ সেই কষ্ট বুজি পায়।

”মই তেওঁলোকৰ কাষত আছো। যিসকল শিশুৰ অভিভাৱকসকলক হেৰুৱালে, সিহঁতৰ পঢ়াশোনাৰ দায়িত্ব আমাৰ। সিহঁত আগবাঢি যাবলৈ সকলো খৰচ যোগাব চৰকাৰে।”- মুখ্যমন্ত্ৰীজনে কয়।

”তাৰ লগতে প্ৰতিৱেশী আৰু পৰিয়ালবিলাককো ক’ব খুজো যে আপোনালোকেও সিহঁতৰ খেয়াল ৰাখক।”- তেওঁ কয়।

উল্লেখযোগ্য যে দিল্লীত বৰ্তমান কৰোণা সংক্ৰমণ কমি আহিছে।

তাৰ বাবেও মুখ্যমন্ত্ৰীজনে দিল্লীবাসীক ধন্যবাদ প্ৰদান কৰি সংক্ৰমণ কমাৰ কৃতিত্ব দিল্লীবাসীক প্ৰদান কৰে।

”ইয়াৰ কৃতিত্ব দিল্লীবাসীৰ। কঠোৰভাৱে আপোনালোকে নিয়ম মানি চলিছে। কিন্তু আত্মতুষ্টিৰ স্থান নাই। আৰু কঠোৰ হ’ব লাগিব। নহ’লে পুনৰ বাঢ়িব সংক্ৰমণ।”- তেওঁ কয়।

তেওঁ কয় যে কৰোণা সংক্ৰমণ কমিলেও গা এৰা মনোভাৱ দিলে পুনৰ বাঢ়িব পাৰে ই।