NORTHEAST NOW (Assamese)

P Chidambaram: চিবিআই-ইডিৰ চাৰ্জশ্বীট পৰীক্ষা কৰি পি চিদাম্বৰম আৰু তেওঁৰ পুত্ৰক দিল্লীৰ আদালতৰ তলব

November 28, 2021 8:14 am · এন ই নাও নিউজ, গুৱাহাটী

P Chidambaram এয়াৰচেল-মেক্সিছ কাণ্ডৰ দুৰ্নীতি তথা ধন লেনদেনৰ গোচৰত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিদাম্বৰম আৰু তেওঁৰ পুত্ৰ কাৰ্তি চিদাম্বৰক শনিবাৰে দিল্লীৰ এখন আদালতে তলব কৰিছে। অহা ২০ ডিচেম্বৰত তেওঁলোকক আদালতত হাজিৰ হ’বলৈ কোৱা হৈছে।

উক্ত গোচৰত চিবিআই আৰু এনফ’ৰ্চমেন্ট ডিৰেক্টৰেট (ইডি) য়ে দাখিল কৰা চাৰ্জশ্বীটসমূহ বিবেচনা কৰি দিল্লীৰ আদালতখনে এইদৰে বৰ্তমান ৰাজ্যসভাৰ সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিদাম্বৰম আৰু তেওঁৰ পুত্ৰ কাৰ্তি চিদাম্বৰৰ    লগতে আনসকলকো তলব কৰিছে।

দিল্লীৰ ৰাউজ এভিনিউ আদালতৰ বিশেষ ন্যায়াধীশ এম কে নাগপালে এই গোচৰত তেওঁৰ ৰায় সংৰক্ষিত ৰাখিছে।

তদন্তকাৰী সংস্থাৰ হৈ অতিৰিক্ত ছলিচিটৰ জেনেৰেল সঞ্জয় জৈনে আদালতক অৱগত কৰিছিল যে সংস্থাসমূহে বিভিন্ন দেশলৈ পঠোৱা পত্ৰৰ উত্তৰত কিছু তথ্য পোহৰলৈ আহিছে। তেওঁ জনাইছিল যে চিবিআইৰ তদন্ততো নতুন তথ্য পোৱা গৈছে।

Also Read: Cell Culture Laboratory Inaugurated গুৱাহাটীৰ জি আই পি এছৰ চৌহদত গৱেষণাৰ বাবে চেল কালচাৰ লেবৰেটৰী স্থাপন

সংস্থাসমূহৰ পৰা বিচৰা প্ৰতিবেদনসমূহ পৰীক্ষা কৰি আদালতে কৈছিল যে চাৰ্জশ্বীটত উল্লেখ কৰা অভিযোগসমূহ অতি গুৰুতৰ বুলি ধাৰাণা হৈছে।

উল্লেখ্য যে এয়াৰচেল-মেক্সিছ চুক্তিত বিদেশী বিনিয়োগ প্ৰচাৰ বোৰ্ডৰ অনুমোদন দিয়াৰ ক্ষেত্ৰত দুৰ্নীতিৰ অভিযোগ উঠিছিল। ইয়াৰ তদন্তৰ দায়িত্ব দিয়া হৈছিল চিবিআই আৰু ইডিক।

২০০৬ চনত পি চিদাম্বৰম কেন্দ্ৰীয় বিত্তীয় মন্ত্ৰী থকাৰ সময়তে এয়াৰচেল-মেক্সিছ চুক্তিত এফআইপিবিৰ অনুমোদন দিয়া হৈছিল।

Also Read: মুখ্যমন্ত্ৰীৰ স্বপ্নৰ শীৰ্ষ পাঁচ ৰাজ্যৰ অসম দেশৰ দৰিদ্ৰতম ৰাজ্যৰ তালিকাত ষষ্ঠ স্থানত

চিদাম্বৰমক ২০১৯চনৰ ৫ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু ১০৫দিন কাৰাগাৰত থকাৰ পাছত জামিন লাভ কৰিছিল কংগ্ৰেছ নেতাগৰাকীয়ে। একে গোচৰতে তেওঁৰ পুত্ৰ কাৰ্তি চিদাম্বৰক পূৰ্বেই গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তেওঁৱো বৰ্তমান জামিনত আছে। 

Related News